আই আই টি খৰগপুৰত অধ্যয়নৰত অসমৰ ছাত্ৰ ফাইজান আহমেদৰ পৰিয়ালে তেওঁক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল । মঙলবাৰে কলিকতা উচ্চ ন্যায়ালয়েও এই হত্যাৰ অভিযোগ সম্পূৰ্ণৰূপে নুই নকৰিলে ৷ এই গোচৰৰ শুনানি মঙলবাৰে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজশেখৰ মন্থাৰ বিচাৰপীঠত অনুষ্ঠিত হয়। ন্যায়াধীশ মান্থাই কয় যে এই গোচৰত হত্যাৰ শাস্তিৰ ৩০২ নং ধাৰা যোগ কৰাৰ কথা তেওঁলোকে চিন্তা চর্চা কৰিছে । ভাৰতীয় দণ্ডবিধিৰ এই ধাৰাত দোষী সাব্যস্ত হ’লে অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিব পাৰি ৷
যোৱা অক্টোবৰ মাহত আই আই টি খড়গপুৰত ফাইজান আহমেদ নামৰ এজন ছাত্ৰৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল। হোষ্টেলৰ কোঠাৰ পৰা উদ্ধাৰ কৰে তেওঁৰ মৃতদেহ। তেওঁৰ শৰীৰতো আঘাতৰ চিন স্পষ্ট আছিল। ছাত্ৰজনৰ মৃত্যুৰ ঘটনাক লৈ বিতৰ্কৰ সৃষ্টি হয়। লগতে অভিযোগ উত্থাপন হৈছে যে কৰ্তৃপক্ষই বিষয়টো গাপ দিবলৈ চেষ্টা চলাইছে। উচ্চ ন্যায়ালয়ত এই সন্দর্ভত গোচৰ ৰুজু কৰা হয়। মঙলবাৰে উচ্চ ন্যায়ালয়েও ছাত্ৰজনৰ মৃত্যুত আই আই টি কৰ্তৃপক্ষই উদাসীনতাৰে কাম কৰা বুলি মন্তব্য কৰে।
ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মন্থাই আই আই টিৰ ছাত্ৰজনৰ আত্মহত্যা বা হত্যাৰ অস্বাভাৱিক মৃত্যুৰ তদন্তৰ বাবে বিশেষজ্ঞ সমিতি এখনক নিৰ্দেশ দিছিল। পিছত কমিটীয়ে নিজৰ প্ৰতিবেদনতো কয় যে ফাইজনৰ মূৰৰ পিছফালে গধুৰ বস্তুৰে আঘাতৰ চিন আছে। সেই প্ৰতিবেদন লাভ কৰাৰ পিছত আদালতে কলিকতা চিকিৎসা মহাবিদ্যালয়ত ফাইজনৰ মৃতদেহৰ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ দিয়ে। মঙলবাৰে আদালতত দাখিল কৰা হয় দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। সেই কথা দেখি ন্যায়াধীশ মান্থাই আৰক্ষীক কয় যে, “অভিযুক্তক চিনাক্ত কৰাৰ সময় আহি পৰিছে।এইবাৰ আমি ৩০২ নং ধাৰা যোগ কৰাৰ কথা ভাবিব লাগিব।”
মঙলবাৰে ফৰেনছিক বিশেষজ্ঞ অজয় গুপ্তাৰ কমিটীয়ে মৃত ফাইজন আহমেদৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আদালতত দাখিল কৰে। প্ৰতিবেদনখন দেখি ন্যায়াধীশগৰাকীয়ে কয় “দ্বিতীয় প্ৰতিবেদন চালে আই আই টি কৰ্তৃপক্ষই প্ৰথম মৰণোত্তৰ প্ৰতিবেদনত কিছু প্ৰভাৱ পেলোৱা যেন লাগে। ইয়াৰ পূৰ্বে মূৰৰ আঘাতক লঘু কৰি তোলা হৈছিল। কিন্তু ছাত্ৰজনৰ প্ৰচণ্ড ৰক্তক্ষৰণৰ ফলত মৃত্যু হয়। দ্বিতীয় মৰণোত্তৰ পৰীক্ষাত স্পষ্ট যে মৃত লোকজনে মূৰ আৰু বুকুত আঘাত পাইছিল ৷”
ইয়াৰ পিছত ন্যায়াধীশ মান্থাই তদন্তকাৰী বিষয়াক বুধবাৰৰ ভিতৰত দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ৩০২ নং অনুচ্ছেদ যোগ কৰিব পাৰি নে নাই চাব লাগিব। এই গোচৰৰ কেছ ডায়েৰী পৰৱৰ্তী শুনানিত আদালতলৈ আনিব লাগিব। কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰেও এসপ্তাহৰ ভিতৰত ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰিব লাগিব।
উল্লেখযোগ্য যে মৃত ছাত্ৰজনৰ মৃতদেহ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসমৰ পৰা কলকাতালৈ নিয়া হৈছিল। উচচ ন্যায়ালয়ে পুনৰ মৃতদেহ পৰিয়ালটোক গতাই দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। আদালতত এই ঘটনাৰ তদন্তৰ বাবে চিবিআই বা কোনো স্বতন্ত্ৰ সংস্থাক অনুৰোধ জনায় পৰিয়ালে। মঙলবাৰৰ শুনানিত ন্যায়াধীশ মন্থাই ইংগিত দিছিল যে আদালতে চিবিআই বা কেন্দ্ৰীয় সংস্থাৰ সৈতে নহয়, ৰাজ্যিক আৰক্ষীৰ যোগ্য বিষয়াৰ সৈতে এছআইটি গঠনৰ কথা বিবেচনা কৰিব।