বাংলাদেশ আৰু ম্যানমাৰত শেহতীয়াকৈ ঘূৰ্ণীবতাহ মোকাৰ প্ৰভাৱ পৰিছিল । ইয়াত পুনৰ আন এক ঘূৰ্ণীবতাহৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে । মৌসম ভৱনৰ মতে আৰব সাগৰত গভীৰ নিম্ন চাপৰ সৃষ্টি হৈছে। মৌসম ভৱনে অনুমান কৰিছে যে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ই অতি প্ৰবল ঘূৰ্ণীবতাহলৈ পৰিণত হ’ব পাৰে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি মধ্যপ্ৰাচ্য আৰু দক্ষিণ-পূব আৰব সাগৰৰ উপকূলত এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰাৰ আশংকা আছে। মৌসম ভৱনৰ মতে এই ঘূৰ্ণীবতাহৰ নাম হৈছে ‘বিপর্যয়’। ভাৰতৰ বিভিন্ন ৰাজ্যতো এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিব।
আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত পাকিস্তানত ‘বিপৰ্যয়’ আহিব পাৰে। কিন্তু ভাৰততো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। কৰ্ণাটক, গোৱা, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ উপকূলীয় অঞ্চলত ধুমুহা বতাহৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। লগতে বৰষুণ হোৱাৰ সম্ভাৱনাও আছে।
পিটিআইৰ সূত্ৰ অনুসৰি ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে পিছত বৰষুণ হ’ব ৷ ১৫ জুনৰ ভিতৰত মুম্বাইত বৰষুণ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে যদিও পলম হ’ব পাৰে বুলি আশংকা কৰা হৈছে। বতৰ বিজ্ঞান বিভাগৰ সূত্ৰ অনুসৰি ঘূৰ্ণীবতাহৰ সৃষ্টিৰ বাবে মুম্বাইত বাৰিষাৰ আগমনত দুই-তিনি দিন পলম হ’ব পাৰে।