ইউক্ৰেইনত নদীৰ বান্ধ ভাঙি পৰাৰ ফলত বহু লোকৰ মৃত্যু হোৱা বুলি আমেৰিকাই দাবী কৰিছে । এই দুর্যোগৰ ফলত হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে । এই ঘটনাৰ বাবে পশ্চিমীয়া বিশ্বই ৰাছিয়ালৈ আঙুলিয়াই টোৱাইছে । ইউক্ৰেইনে ৰাছিয়াৰ সেনাই মথাউৰিটো উৰুৱাই দিয়াৰ অভিযোগ উত্থাপন কৰে। অৱশ্যে মস্কোৱে ইয়াৰ দায়িত্ব অস্বীকাৰ কৰিছে।
ইউক্ৰেইনৰ প্ৰশাসনে জনোৱা মতে, কমেও ৪২ হাজাৰ লোক স্থানচ্যুত হৈ অঞ্চলটো এৰি যাবলৈ বাধ্য হৈছে। এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইউক্ৰেইনৰ এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই জনোৱা মতে, সোমবাৰে নিশা (স্থানীয় সময় অনুসৰি) খেৰচন চহৰৰ দক্ষিণে থকা ড্নিপ্ৰ’ নদীৰ এটা বান্ধ ভাঙি যায়। ইয়াৰ বাবেই ৬০ কিঃমিঃ দূৰলৈকে বিস্তীর্ণ অঞ্চল প্লাৱিত হৈ পৰিছে ৷ বিপদৰ পৰা হাত সাৰিবলৈ বহু লোকে গুৰুত্বপূৰ্ণ নথি-পত্ৰ লৈ ঘৰৰ পৰা ওলাই যায়। খেৰচনৰ প্লাৱিত অঞ্চলৰ এজন বাসিন্দাৰ উদ্ধৃতি দি বাতৰি সংস্থা ৰয়টাৰে জনাইছে যে তেওঁলোকৰ সমগ্ৰ ঘৰটো বানত ডুব গৈছে। একো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
এই ঘটনাত আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে অভিযোগ আনিছে ৷ যদিও মৃত্যুৰ সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই, তথাপিও জো বাইডেন প্ৰশাসনৰ মুখপাত্ৰ জন কিৰ্বিয়ে কয় যে বহু লোক পানীত ডুব গৈছে। ৰাষ্ট্ৰসংঘৰ সাহায্য প্ৰধান মাৰ্টিন গ্ৰীফিথছে কয় যে ইয়াৰ প্ৰভাৱ ভয়ংকৰ আৰু সুদূৰপ্ৰসাৰী হ’ব।
দক্ষিণ ইউক্ৰেইনৰ খেৰচন প্ৰদেশ বৰ্তমান ৰাছিয়াৰ নিয়ন্ত্ৰণত আছে। শেহতীয়াকৈ ইউক্ৰেইনে ৰাছিয়াৰ অধীনস্থ খেৰচনৰ ভূখণ্ড পুনৰ দখল কৰিবলৈ নতুনকৈ সামৰিক অভিযান আৰম্ভ কৰিছে। তেওঁলোকে দাবী কৰে যে ৰাছিয়াৰ সেনাই সামৰিক প্ৰত্যাক্ৰমণ ৰোধ কৰিবলৈ তেনে কৰিছিল। অৱশ্যে ইউক্ৰেইনৰ এই অভিযোগ ৰাছিয়াই অস্বীকাৰ কৰিছে।