বাংলাদেশৰ চিলেটত এখন ট্ৰাক আৰু পিকআপ ভ্যানৰ মুখামুখি সংঘৰ্ষত ১৪ জন লোকৰ মৃত্যু হয়। বুধবাৰে পুৱা প্ৰায় ৫:৪০ বজাত চিলেটৰ দক্ষিণ চুৰ্মাৰ নাজিৰবাজাৰ অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, নিহত আটাইকেইজনেই নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল ৷
বাংলাদেশৰ “প্ৰথম আলো” কাকতত প্ৰকাশিত প্ৰতিবেদনত চিলেটৰ দক্ষিণ সুৰমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহম্মদ ছামছুদোহাৰ উদ্ধৃতি দি কয়, “এখন ট্ৰাক আৰু এখন পিকআপ ভ্যানৰ মাজতএই দুৰ্ঘটনা সংঘটিত হয় । এই ঘটনাত নিহত হয় ১৪ জন লোক। আহত হয় আন ১২ জন। চিলেট মেগ ওচমানী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।“ জানিব পৰা মতে থিতাতে মৃত্যু হয় ১১ জন লোকৰ। চিকিৎসালয়লৈ নিয়াৰ পিছত আন এজনৰ মৃত্যু হয়। তেওঁ কয় যে উপ-সঞ্চালক মনিৰুজ্জামানৰ নেতৃত্বত চিলেট অগ্নিনিৰ্বাপক বাহিনীৰ ৭টা দলে দুৰ্ঘটনাটোৰ তথ্য লাভ কৰি সেই স্থানলৈ গৈ উদ্ধাৰৰ কাম আৰম্ভ কৰে। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।