ঋতু পৰ্ণ শৰ্মা,নগাঁও,৬জুন:–অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত নগাঁও জিলা সমিতিৰ লগতে শালনা উপ শাখা সমিতিৰ উদ্যোগত আজি শালনা চাহ বাগিচাত চাহ জনজাতি লোকসকলৰ বিভিন্ন সমস্যা বৰ্তমান চৰকাৰখনে সমাধান নকৰাৰ প্ৰতিবাদত আটছাৰ নেতৃত্বতৰ লগতে চাহ শ্ৰমিক সকলে দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসুচী ৰূপায়ণ কৰে ৷ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকা লৈ বৃদ্ধি কৰা,চাহ বাগিচা চিকিৎসালয় সমূহত স্থায়ী চিকিৎসক নিযুক্তিৰ ব্যৱস্থা কৰাৰ লগতে চিকিৎসালয়ত প্ৰশিক্ষণপ্ৰাপ্ত একোজন জি এন এম আৰু দুজনকৈ এ এন এম নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে বুলি আটছাৰ নেতৃত্বই দাবী জনোৱাৰ লগতে শালনা চাহ বাগিচাৰ অন্তৰ্গত ৫ টা ডিভিজনত খালী হৈ থকা পদ সমূহত স্থানীয় চাহ জনগোষ্ঠীৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক কর্ম সংস্থাপন দিয়াৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷ লগতে চাহ বাগিচাৰ অন্তর্গত বিদ্যালসমূহত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তিকৰণৰ ব্যৱস্থা কৰিবলৈ আটছাৰ নেতৃত্বই দাবী জনাই । চাহ বাগিচাত দীৰ্ঘদিন ধৰি অস্থায়ী ভাৱে খাটি থকা চাহ শ্ৰমিক আৰু চাহ কৰ্মচাৰীসকলক অতি শীঘ্ৰে স্থায়ীকৰণৰ ব্যৱস্থা কৰিব লাগে বুলি প্ৰতিবাদকাৰীসকলে দাবী কৰে ৷
চাহ বাগিচাৰ কৰ্ত্তৃপক্ষৰ লগতে চৰকাৰে চাহ শ্ৰমিকসকল বাস কৰা অঞ্চলসমূহত ডিডিটি বা ব্লেছিং পাউডাৰ আৰু নলা-নৰ্দমা সমূহ মাহিলী পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰাৰ দাবী কৰাৰ লগতে চাহ বাগিচাত শ্ৰমিকৰ অনুপাতে বাবু চৰ্দাৰৰ লগতে শ্রমিক বাগিচা আইনৰ মতে নিৰিখ প্ৰযোজ্য কৰিবলৈ আটছাৰ নেতৃত্বই দাবী জনোৱাৰ লগতে চিকিৎসালয়ত পানীৰ যোগান,শৌচাগাৰ,স্নানাগাৰ আদি পৰিষ্কাৰ কৰাৰ ব্যৱস্থাৰ লগতে অৰ্হতাসম্পন্ন ব্যক্তিক অতি শীঘ্ৰে নিযুক্তি দিবলৈ প্ৰতিবাদকাৰী সকলে দাবী জনাই ৷ আজিৰ এই কাৰ্য্যসূচীত উপস্থিত থাকে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ নায়ক,কলিয়াবৰ শাখা সমিতিৰ উপ সভাপতি ক্ৰমে নৰেশ গোৱালা,মহাদেৱ তাঁতী,সহকাৰী সম্পাদক বিজয় মুণ্ডা,সাংগঠনিক সম্পাদক সাবিন্দা কালিন্দী, কাৰ্যনিৰ্বাহক সদস্য ৰাজুল তাঁতী উপ শাখা সমিতিৰ সভাপতি বুদ্ধদেৱ তাঁতী, সম্পাদক গোবিন্দ তাঁতীৰ লগতে চামগুৰি উপ শাখা সমিতিৰ সভাপতি কৰন নায়ক আৰু সম্পাদক ৰূপজ্যোতি তাঁতী শালনা প্ৰাথমিক গোটৰ সভাপতি- সম্পাদকৰ লগতে শালনা চাহ বাগিচাৰ একাংশ চাহ শ্ৰমিক ৰাইজ । প্ৰতিবাদকাৰীসকলে ধৰ্ণা কাৰ্যসূচীৰ অন্তত উক্ত দাবীসমূহৰ সমাধানৰ দাবীত কলিয়াবৰ মহকুমাধিপতিলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ অহা ১৫ দিনৰ ভিতৰত প্ৰেৰণ কৰাৰ উক্ত স্মাৰকপত্ৰৰ দাবীৰ উত্তৰ দিয়াৰ ব্যৱস্থা নকৰিলে বাগিচা বন্ধ ঘোষণা কৰিব বুলি আটছাৰ নেতৃত্বই হুংকাৰ প্ৰদান কৰে ।