কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াৰ হস্তক্ষেপত বিমান ভাড়া ১৪ৰ পৰা ৬১ শতাংশলৈ হ্ৰাস কৰা হৈছে। জ্যোতিৰাদিত্য সিন্দিয়াই কয় ‘দিল্লীৰ পৰা শ্ৰীনগৰ, লেহ, পুনে আৰু মুম্বাইলৈ সংযোগী বিমানৰ ভাড়া হ্ৰাস পোৱা’ত মই সুখী।’ আন পথসমূহতো বিমান ভাড়া হ্ৰাস কৰা হৈছে বুলিও তেওঁ কয়।
মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াই কয় যে এই পদক্ষেপ অসামৰিক বিমান সেৱা সঞ্চালকালয় (Directorate General of Civil Aviation)ৰ পৰামৰ্শৰ ভিত্তিত কৰা হৈছে। মে’ মাহৰ আৰম্ভণিতে গ’-ফাৰ্ষ্টৰ সেৱা বন্ধ হৈ পৰে। যোৱা সপ্তাহত ওড়িশাত সংঘটিত হোৱা ৰেল দুৰ্ঘটনাৰ পিছত বৃদ্ধি পাইছে বিমানৰ টিকটৰ ভাড়া। এনে পৰিস্থিতিত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে সোমবাৰে বিমান সংস্থাসমূহক সক্ৰিয় হ’বলৈ কয় যাতে টিকটৰ মূল্য নিয়ন্ত্ৰণত থাকে।
দৰাচলতে ডিজিচিএই বিমান সংস্থাক বালেশ্বৰ কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাৰ পিছতহে টিকটৰ মূল্য বৃদ্ধি নকৰিবলৈ কয়। কিন্তু ইয়াৰ ফল পোৱা নগ’ল বুলি অভিযোগ উত্থাপন হৈছিল। এই সপ্তাহত কলকাতাৰ পৰা চেন্নাইলৈ ভাড়া ৫০ হাজাৰ টকা পর্যন্ত বৃদ্ধি পাইছে । যিটো স্বাভাৱিকতকৈ প্ৰায় পাঁচগুণ। বেংগালুৰু বিমানৰ ভাড়াৰ ক্ষেত্ৰতো একেই কথা। যদিও কোম্পানীকেইটাই দাবী কৰিছে, কেন্দ্ৰই নিৰ্ধাৰণ কৰা নীতি অনুসৰি ভাড়া নিৰ্ধাৰণ কৰি আছে। কিন্তু ইয়াৰ বাবে বিৰোধীয়ে মোদী চৰকাৰক সমালোচনা কৰে। এইবাৰ মন্ত্ৰীৰ হস্তক্ষেপত ভাড়া নিয়ন্ত্ৰণ কৰা হ’ব ৷