মুক্তিৰ পাছতো আদিপুৰুষক লৈ তীব্ৰ বিতর্কৰ সৃষ্টি হৈছে ৷ ওম ৰাউতৰ পৰিচালনাত নিৰ্মিত ৰামায়ণ ভিত্তিক ছবিখনৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত এক আৱেদন দাখিল কৰে হিন্দু সেনাৰ দলে । সেই আবেদনত এই ছবিখনৰ ৰাজহুৱা স্থানত প্ৰদৰ্শন বন্ধ কৰিবলৈ দাবী জনোৱা হৈছে। হিন্দু সেনাৰ ৰাষ্ট্ৰীয় সভাপতি বিষ্ণু গুপ্তাৰ মতে, ‘আদিপুৰুষ’ ছবিখনে হিন্দু পৌৰাণিক চৰিত্ৰ ৰাম, ৰাৱণ, সীতা আৰু হনুমানৰ প্ৰতিচ্ছবি বিকৃত কৰিছে। গতিকে লগে লগে ছবিখনৰ পৰা কিছুমান ‘আপত্তিজনক’ দৃশ্য আঁতৰাই পেলাব লাগে।
আবেদনখনত আৰু কোৱা হৈছে, “এই ছবিখনত ধৰ্মীয় চৰিত্ৰক যি ধৰণেৰে চিত্ৰিত কৰা হৈছে সেয়া অনুচিত। বাল্মিকীৰ ৰামায়ণত যি আছিল তাৰ সম্পূৰ্ণ বিপৰীত। ই হিন্দুসকলৰ আৱেগক আঘাত দিছে। বিষয়টো চোৱাচিতা কৰা হওক আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হওক।”
মুক্তিৰ পূৰ্বেও বিজেপি নেতাসকলে ‘আদিপুৰুষ’ৰ আভাস দেখি তথ্য বিকৃত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল। যদিও প্ৰভাস, কৃতি ছানন আৰু ছৈফ আলী খান অভিনীত ‘আদিপুৰুষ’ চেঞ্চৰ ব’ৰ্ডত উত্তীৰ্ণ হয়। যোৱা ১৬ জুনত সমগ্ৰ দেশৰ বিভিন্ন চিনেমাগৃহত মুক্তি লাভ কৰিছিল ছবিখন। তেতিয়াৰ পৰাই এই ছবিখনক লৈ সমালোচনাৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে চৰিত্ৰবোৰৰ ৰূপক লৈ প্ৰশ্ন উত্থাপন হৈছিল। ৰাৱণৰ ভূমিকাত ছৈফ আলী খানৰ সাজ-পোছাকৰ পৰা আৰম্ভ কৰি প্ৰভাসৰ ৰামৰ ৰূপ আদিক লৈ প্ৰশ্নৰ উত্থাপন হৈছে ল। ছবিখন মুক্তি পোৱাৰ পিছতে চলচ্চিত্ৰ নিৰ্মাতা ৰামানন্দ সাগৰৰ পুত্ৰ প্ৰেম সাগৰে এক নতুন মন্তব্য কৰে। তেওঁৰ মতে, “ওম ৰাউটে ‘আদিপুৰুষ’ৰ সৈতে মাৰ্ভেল জগত এখন গঢ়ি তুলিব বিচাৰিছে।”
হনুমানৰ চৰিত্ৰৰ সংলাপক লৈয়ো বিতর্ক সৃষ্টি হৈছে ৷ হনুমানে এটা দৃশ্যত কয় “তেল তেৰে বাপ কা, জালেগী তেৰে বাপ কি” ৷ তেওঁ কয় যে জনপ্ৰিয় টেলিভিছন ধাৰাবাহিক ‘ৰামায়ণ’ পৰিচালনা কৰাও দেখিছিল পিতৃক । যদিও কলাত্মক স্বাধীনতা আছে, তথ্য কেতিয়াও বিকৃত হোৱা নাই।