তৃণমূল নেত্ৰী মমতা বেনাৰ্জীৰ পিছত এইবাৰ শিৱসেনাৰ (বালাচাহেব) নেতা উদ্ধৱ থাকৰে। শুকুৰবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ আমন্ত্ৰণত পাটনাত বিজেপি বিৰোধী নেতাৰ বৈঠকৰ পূৰ্বে বিৰোধী শিবিৰৰ ভিতৰৰ পৰা কংগ্ৰেছক অহৰহ সমালোচনা কৰা হৈছে।
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱে বিনায়ক দামোদৰ সাভাৰকাৰৰ জীৱনী বিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা বাদ দিয়াৰ বাবে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰে। ।শনিবাৰে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ মুখপাত্ৰ অতুল লেণ্ডেয়ে কয় যে মহাৰাষ্ট্ৰত শিৱসেনাৰ সৈতে আমাৰ মিত্ৰতা হৈছে নূন্যতম সাধাৰণ কর্মসূচীৰ ভিত্তিত । দুয়োটা দলৰ ৰাজনৈতিক মতাদৰ্শৰ মাজত পাৰ্থক্য আছে। ফলত নেতৃত্বৰ দৃষ্টিভংগীও বেলেগ।
প্ৰসংগক্ৰমে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কৰ্ণাটক কেবিনেট বৈঠকত সাভাৰকাৰ আৰু আৰ এছ এছৰ প্ৰতিষ্ঠাপক কেশৱ বলিৰাম হেডগেৱাৰৰ জীৱনী সেই ৰাজ্যৰ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লোৱা হয়। তাৰ পৰিৱৰ্তে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ পাঠ্যক্ৰমত সমাজ কৰ্মী সাবিত্ৰীবাই ফুলেৰ জীৱনী, বি আৰ আম্বেদকাৰৰ কবিতা আৰু ব্ৰিটিছৰ জেলত বন্দী জৱাহৰলাল নেহৰুৱে কন্যা ইন্দিৰালৈ লিখা চিঠিসমূহ সন্নিবিষ্ট কৰা হৈছে। প্ৰসংগক্ৰমে যোৱা মে’ মাহত মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছত সিদ্ধাৰমাইয়াই কয় যে বিজেপি চৰকাৰৰ অধীনত শিক্ষাৰ ‘প্ৰাদেশিকীকৰণ’ৰ নীতি সলনি হ’ব।