বলিউডৰ অন্যতম যুটী হৈছে অক্ষয় কুমাৰ আৰু টুইংকল খান্না ৷ সুখী দম্পত্তীহালৰ আছে এখন সুখৰ সংসাৰ ৷ কিন্তু কেনেদৰে প্ৰেমত পৰিছিল এই দম্পত্তী ৷ এখন আলোচনীৰ ফটো শ্বুট কৰি থাকোঁতে দুয়োৰে মাজত প্ৰেমৰ সম্পর্ক গঢ়ি উঠিছিল । ইয়াৰ পিছত সেই প্ৰেম বিবাহলৈ পৰিণত হয় ৷ অক্ষয় কুমাৰ-টুইংকল খান্নাৰ বিবাহৰ প্ৰায় ২২ বছৰ হ’ল। বলীউডৰ অন্যতম সফল তাৰকা দম্পতী। কিন্তু বিয়াৰ ২২ বছৰত তেওঁলোকৰ জীৱনত কিমান ঘটনা ঘটিল। কিন্তু সম্পৰ্কত কোনো প্ৰভাৱ পৰা নাছিল। টুইংকল-অক্ষয় ইজনে সিজনৰ বেষ্ট ফ্ৰেণ্ড বুলিও বহুতে মানি লয়। দীৰ্ঘদিন ধৰি অভিনয়ৰ ক্ষেত্ৰখন এৰি থৈ গৈছে টুইংকলে। বৰঞ্চ তেওঁ নিজকে লেখক হিচাপে প্ৰতিষ্ঠা কৰিছে। আনহাতে অক্ষয় নানান ভূমিকা পালন কৰি পৰিপক্ক হৈছে। কিন্তু তেওঁলোকৰ বিবাহৰ সময়তো কম বিতৰ্ক হোৱা নাছিল। কাৰণ, সেই সময়ত অক্ষয়ও জনজাত আছিল খিলাড়ী নামেৰে ৷ তেওঁ একাধিক অভিনেত্ৰীৰে সম্পৰ্কত আছিল ৷ যাৰ বাবে গতিকে বহুতৰে সন্দেহ আছিল যে টুইংকলৰ সৈতে সম্পৰ্কটো স্থায়ী নহ’ব ৷ শৈতীয়াকৈ দুয়োৰে মাজৰ সম্পর্কক লৈ মুখ খুলিছে টুইংকলে ৷
স্বামীক সাৱটি ধৰা এখন ছবিৰে অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘মিষ্টাৰ কে -কেক বিয়া কৰোৱাৰ এটাই কাৰণ ৷মই জানিছিলোঁ যে তেওঁ এজন মহান পিতৃ হ’ব। মই দেখিলোঁ যে তেওঁ কেনেকৈ নিজৰ পৰিয়ালৰ যত্ন লয়। মই বিচাৰিছিলো মোৰ ল’ৰা-ছোৱালীবোৰৰ এই বংশগত গুণটো হওক। আৰু এতিয়া এই পঞ্চাশ বছৰীয়া মানুহজনলৈ চালেই ভাবো মোৰ ল’ৰা-ছোৱালীবোৰে যদি সঁচাকৈয়ে তেওঁৰ পৰা কিবা পায় তেন্তে ভাগ্য ভাল হ’ব। তেওঁ সদায় নিজৰ পৰিয়ালক নিজতকৈয়ো বেছি প্ৰাধান্য দিয়ে ৷”