পাকিস্তানে বিশ্বকাপ খেলিবলৈ ভাৰতলৈ আহিব নে নাই সেই বিতৰ্ক অব্যাহত আছে। ইফালে পাকিস্তানী ক্ৰিকেটাৰৰ মাজত ইয়াক লৈ মনোমালিন্য আৰম্ভ হৈছে। কোনো কোনোৱে কয় যে পাকিস্তানে ভাৰতলৈ গৈ আহমেদাবাদত মেচ খেলিব লাগে। আন কিছুমানে কয় যে পাকিস্তানে ভাৰতলৈ বিশ্বকাপ খেলিবলৈ অহা উচিত নহয়।
দুদিনমান পূৰ্বে শ্বাহিদ আফ্ৰিদীয়ে কৈছিল যে পাকিস্তানে ক’ত খেলিব সেইটো চিন্তা কৰাৰ পৰিৱৰ্তে মেচখন কেনেকৈ জয়ী হ’ব সেই বিষয়ে চিন্তা কৰা উচিত। শেষবাৰৰ বাবে পাকিস্তানে তেওঁৰ অধীনত ভাৰতত খেলিছিল । আনহাতে মিয়ান্দাদ ভাৰত-ঘৃণাৰ বাবে পৰিচিত। ভাৰতীয় ক্ৰিকেটৰ মংগল একেবাৰেই চাব নোৱাৰে তেওঁ ৷
শ্বাহিদৰ উত্তৰত মিয়ান্দাদে কয়, ‘আমি ২০১২ চনত ভাৰতলৈ গৈছিলো। ইয়াৰ পিছত ২০১৬ চনতো বিশ্বকাপ খেলিছিলো। এইবাৰ ভাৰতৰ পাল। যদি মোক কোনো সিদ্ধান্ত ল’বলৈ কোৱা হয়, মই কেতিয়াও ভাৰতলৈ যাবলৈ মান্তি নহ’লোহেঁতেন। যিমানেই বিশ্বকাপ নহওক কিয়। ভাৰত খেলিবলৈ আমাৰ কোনো সমস্যা নাই। সকলো সমস্যা তেওঁলোকৰ।”
মিয়ান্দাদে লগতে কয়, ‘পাকিস্তান ক্ৰিকেট বহুত ডাঙৰ। এতিয়াও আমাৰ দেশৰ পৰা ওলাই আহে ভাল ক্ৰিকেটাৰ। গতিকে, যদি আমি ভাৰতলৈ নাযাওঁ, তেন্তে আমি কিবা চক্ষতি হ’ব বুলি নাভাবো। চুবুৰীয়া দেশ বাছি লোৱাটো কাৰো হাতত নাই। গতিকে সহযোগিতাৰ ভিত্তিত আগবাঢ়ি যোৱাই ভাল। ক্ৰিকেটে মানুহক একত্ৰিত কৰে। সকলো ভুল বুজাবুজি পৰিষ্কাৰ কৰে। কিন্তু ভাৰতে সেইটোক সন্মান নকৰে। সেয়াই তেওঁলোকৰ একমাত্ৰ সমস্যা।”
প্ৰসংগক্ৰমে আফ্ৰিদীয়ে আগতেও কৈছিল-“ পাকিস্তানে আহমেদাবাদৰ খেলপথাৰত কিয় খেলিব নিবিচাৰে? সেই পিটচৰ পৰা জুই ওলাই আহে নে পিটচখন ভূত-প্ৰেত আছে?” আফ্ৰিদিৰ পৰামৰ্শ আছিল, “সেই খেলপথাৰখনলৈ গৈ খেলি মেচখন জিকিব লাগে। যদি আপোনাৰ সন্মুখত কোনো কঠিন বাধা থাকিলহেঁতেন তেন্তে ভাৰতে সেইবোৰৰ ওপৰেৰে গৈ ভাল ব্যৱধানত মেচখন জয়ী হ’লহেঁতেন। পাকিস্তানৰ জয়েই আচল কথা।”