আমেৰিকান মেজৰ লীগ ছকাৰ ক্লাব ইণ্টাৰ মিয়ামিৰ সৈতে লিয়নেল মেছিৰ চুক্তি প্ৰায় চূড়ান্ত হৈছে ৷ শেষ পর্যায়ৰ আলোচনা অব্যাহত আছে। প্ৰাপ্ত তথ্য অনুসৰি এই আমেৰিকান ক্লাবে মেছিক পাৰিশ্ৰমিক হিচাপে দিব ১২৩১ কোটি টকা। অৱশ্যে দৰমহাৰ বাহিৰেও মেছিয়ে ক্লাবটোৰ পৰা বিভিন্ন সা-সুবিধা লাভ কৰিব ৷
বিদেশী সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি এই চুক্তিত মেছিৰ বাবে সুকীয়া চুক্তিবদ্ধ মাচুল আৰু ক্লাবৰ অংশীদাৰিত্বও অন্তৰ্ভুক্ত কৰা হ’ব। অৱশ্যে ক্লাবৰ সৈতে জড়িত পৃষ্ঠপোষকৰ পৰা মেছিয়ে কিমান টকা লাভ কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এডিডাছ, এপল আৰু ফেনেটিক্স পৃষ্ঠপোষক হিচাপে ইণ্টাৰ মিয়ামিৰ সৈতে জড়িত। ইয়াৰ ভিতৰত এডিডাছৰ সৈতে মেছিৰ আজীৱন চুক্তি। তাৰ বাবেই এতিয়ালৈকে পৃষ্ঠপোষকক লৈ কোনো সিদ্ধান্ত লোৱা হোৱা নাই।
ইণ্টাৰ মিয়ামীয়ে ২০২৫ চনলৈকে মেছিৰ সৈতে চুক্তিবদ্ধ হ’ব বিচাৰিছে। অৱশ্যে তেওঁৰ চুক্তিত ২০২৬ চনৰ কথা উল্লেখ থাকিব। অৰ্থাৎ মেছিয়ে ইচ্ছা কৰিলে চুক্তি এবছৰ বৃদ্ধি কৰিব পাৰে। পেৰিছ চেণ্ট জাৰ্মেইনৰ সৈতে মেছিৰ চুক্তিও এবছৰৰ বাবে বৃদ্ধিৰ কথা আছিল। কিন্তু মেছিয়ে চুক্তি বৃদ্ধি কৰিব বিচৰা নাছিল।
কিন্তু ২০০৭ চনত যেতিয়া ডেভিদ বেকহামে ইণ্টাৰ মিয়ামীত যোগদান কৰিছিল, তেতিয়া তেওঁৰ চুক্তিত লিখা আছিল যে তেওঁ ইচ্ছা কৰিলে যিকোনো মেজৰ লীগ ছকাৰ ক্লাবৰ মালিকীস্বত্ব ক্ৰয় কৰিব পাৰিব। অৱশ্যে মেছিক এই সুযোগ দিয়া নাই ক্লাবটোৱে।