পুনৰ একেখন ছবিত অভিনয় কৰিব বলিউডৰ দুই জনপ্ৰিয় অভিনেত্ৰী কিয়াৰা কৰীণাই ৷ ২০১৯ চনত কৰীনা কাপুৰ খান আৰু কিয়াৰা আদৱানীয়ে ৰাজ মেহতাৰ ‘গুড নিউজ’ত একেলগে অভিনয় কৰিছিল। ছবিখনত অক্ষয় কুমাৰ আৰু দিলজিৎ দোছানীয়েও অভিনয় কৰিছিল। কৰীনা আৰু কিয়াৰাক একেলগে পৰ্দাত দেখি অনুৰাগীসকল আনন্দিত হৈছিল।
প্ৰাপ্ত তথ্য অনুসৰি দুয়োগৰাকী অভিনেত্ৰীক পুনৰ পৰ্দাত একেলগে দেখা যাব। অশ্বিনী আয়েৰৰ আগন্তুক ছবিত দেখা যাব দুয়োগৰাকী অভিনেত্ৰীক। ফাৰহান আখতাৰ আৰু ৰিতেশ সিদ্ধানীৰ প্ৰডাকচন হাউছৰ তত্বাৱধানত নিৰ্মাণ হ’ব ছবিখন। দুয়োগৰাকী অভিনেত্ৰীয়ে ছবিখনত কাম কৰিবলৈ সন্মত হৈছে । বৰ্তমান চিত্ৰনাট্য লিখাৰ কাম চলি আছে। কিয়াৰা এতিয়া তেওঁৰ আগন্তুক ছবি ‘সত্যপ্ৰেম কি কথা’ৰ প্ৰচাৰত অতি ব্যস্ত। এই ছবিখনত কাৰ্তিক আৰিয়ানৰ সৈতে অভিনয় কৰিছিল। ইয়াৰ পূৰ্বে তেওঁলোকে ‘ভূল ভূলয়া ২’ত একেলগে কাম কৰিছিল।
আগন্তুক দিনত কৰীণা কেইবাখনো ছবিৰ কামত ব্যস্ত হৈ পৰিব ৷ সুজয় ঘোষৰ পৰিচালিত এখন থ্ৰিলাৰত অভিনয় কৰিছে কৰীণাই। ২০০৫ চনৰ অন্যতম বেষ্টচেলাৰ জাপানী উপন্যাস ‘দ্য ডিভ’চন অৱ ছাচপেক্ট এক্স’ৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন । এই কামেৰে কৰীণাই অ’টিটি প্লেটফৰ্মত অভিষেক ঘটাব। হনছাল মেহতাৰ পৰিচালনাত নিৰ্মিত এখন আগন্তুক ছবিত মুখ্য চৰিত্ৰত দেখা যাব কৰীণাক। সেই কামত অভিনেত্ৰীগৰাকীও প্ৰডাকচনৰ কামত জড়িত হ’ব। এই সকলোবোৰ কাম নিষ্পত্তি হোৱাৰ পিছত কিয়াৰা আৰু কৰীনা একেলগে ছবিৰ কাম আৰম্ভ কৰিব ৷