প্ৰস্ৰাৱ আৰু ঘামৰ পৰা খোৱাপানী তৈয়াৰ কৰিছে নাছাৰ বিজ্ঞানীসকলে । কিন্তু পৃথিৱীত নহয়। মহাকাশত বহি এই ‘অসম্ভৱ’ কাম তেওঁলোকে কৰিবলৈ সক্ষম হৈছে । মানৱ শৰীৰৰ পৰা নিৰ্গত হোৱা তৰল আৱৰ্জনাসমূহৰ পৰা ৯৮ শতাংশ বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হৈছে। নাছাই এই সফলতাক এক নতুন ‘মাইলৰ খুঁটি’ হিচাপে গ্ৰহণ কৰিছে ৷
নাছাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ মহাকাশচাৰীসকলে দীৰ্ঘদিন ধৰি পানীৰ সমস্যা সমাধানৰ চেষ্টা চলাই আহিছে। এই বিষয়ে বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণা চলি আছিল। অৱশেষত খোৱাপানী প্ৰস্তুত কৰাত সফলতা লাভ কৰে। ঘাম আৰু প্ৰস্ৰাৱৰ পৰা খোৱাপানী উলিয়াবলৈ সক্ষম হৈছে বিজ্ঞানীসকল ।
আই এছ এছৰ মহাকাশচাৰীসকলক প্ৰতিদিনে এক গেলন বিশুদ্ধ পানীৰ প্ৰয়োজন হয়। পানী খোৱাৰ উপৰিও এই পানী তেওঁলোকে শৰীৰৰ কাম-কাজ, ৰন্ধা-বঢ়া আদি কামত ব্যৱহাৰ কৰে। শাৰীৰিক আৱৰ্জনাসমূহৰ পৰা খোৱাপানী নিষ্কাশনে ভৱিষ্যতে মহাকাশ অভিযানত যথেষ্ট লাভৱান হ’ব বুলি আশা কৰা হৈছে।
নাছাৰ তথ্য অনুসৰি পৰিৱেশ নিয়ন্ত্ৰণ আৰু জীৱন সুৰক্ষা ব্যৱস্থা (ECLSS) ব্যৱহাৰ কৰি ৯৮ শতাংশ আৱৰ্জনা খোৱাপানীত নিষ্কাশন কৰিব পৰা যায়। অদূৰ ভৱিষ্যতে এনেদৰে খাদ্য, পানী আৰু বায়ুক পুনৰ ব্যৱহাৰযোগ্য কৰি তোলাৰ প্ৰচেষ্টা চলোৱা হৈছে।
আই এছ এছ হৈছে পৃথিৱীক প্ৰদক্ষিণ কৰা মহাকাশ কেন্দ্ৰ। ইয়াৰ অৱস্থান পৃষ্ঠৰ পৰা ৪০০ কিলোমিটাৰ ওপৰত। নিশাৰ আকাশত পোহৰৰ ভাসমান বিন্দু হিচাপে পৃথিৱীৰ পৰা আই এছ এছ দেখা যায়। নাছাৰ মহাকাশচাৰীসকলে এই ষ্টেচনত বিভিন্ন গৱেষণামূলক কামত নিয়োজিত হৈ আছে।