ভাৰতত অনুষ্ঠিত হোৱা এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ সময়সূচী ঘোষণা কৰা হৈছে। ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ। ৮ অক্টোবৰত প্ৰথমবাৰৰ বাবে খেলপথাৰত নামিব ভাৰত। প্ৰতিদ্বন্দ্বী অষ্ট্ৰেলিয়া। ১৯ নৱেম্বৰত ফাইনেল।
ভাৰতৰ গ্ৰুপ পৰ্যায়ৰ মেচৰ সূচী—
ভাৰত বনাম অষ্ট্ৰেলিয়া, ৮ অক্টোবৰ, চেন্নাই
ভাৰত বনাম আফগানিস্তান, ১১ অক্টোবৰ, দিল্লী
ভাৰত বনাম পাকিস্তান, ১৫ অক্টোবৰ, আহমেদাবাদ
ভাৰত বনাম বাংলাদেশ, ১৯ অক্টোবৰ, পুনে
ভাৰত বনাম নিউজিলেণ্ড, ২২ অক্টোবৰ, ধৰ্মশালা
ভাৰত বনাম ইংলেণ্ড, ২৯ অক্টোবৰ, লক্ষ্ণৌ
ভাৰত বনাম কোৱালিফায়াৰ, ২ নৱেম্বৰ, মুম্বাই
ভাৰত বনাম দক্ষিণ আফ্ৰিকা, ৫ নৱেম্বৰ, কলকাতা
ভাৰত বনাম কোৱালিফায়াৰ, ১১ নৱেম্বৰ, বাংগালুৰু
এইবাৰৰ বিশ্বকাপ মুঠ ১২খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। গ্ৰুপ পৰ্যায়ত ভাৰতৰ ৯খন খেল বিভিন্ন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। ১৯ নৱেম্বৰত আহমেদাবাদত অনুষ্ঠিত হ’ব ফাইনেল ৷