বিশ্বকাপ আৰম্ভ হ’বলৈ এতিয়াও বাকী আছে ৯৯ দিন। কিন্তু ইয়াৰ পূৰ্বে আহমেদাবাদত আৰম্ভ হৈছে ক্ৰিকেট উন্মাদনা ৷ অত্যাধিক ভাড়াত হোটেলসমূহৰ বুকিং আৰম্ভ হৈছে ৷ বিশ্বকাপৰ প্ৰায় তিনিমাহ পূৰ্বে হোটেলৰ প্ৰতিটো কোঠাৰ দাম ৫০ হাজাৰ টকা হৈছেগৈ। আগন্তুক দিনত অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সাধাৰণতে ৬৫০০ৰ পৰা ১০৫০০ টকাৰ ভিতৰৰ বিলাসী হোটেলৰ কোঠাৰ দাম আকাশলংঘী হৈছে।
উদ্বোধনী মেচ আৰু ফাইনেলৰ উপৰিও এইবাৰৰ বিশ্বকাপত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ মেচ। গতিকে অনুৰাগীসকল উত্তেজিত হৈ পৰিছে । সূচী প্ৰকাশ পোৱাৰ পিছত সমৰ্থকসকলে হোটেলৰ কোঠা বিচাৰিবলৈ আৰম্ভ কৰে। চাহিদাতকৈ যোগান কম হোৱাৰ বাবে হোটেলৰ কোঠাৰ দাম বৃদ্ধি পাইছে।
এজন ব্যক্তিগত হোটেলৰ মালিকে কয়, ‘ভাৰত-পাকিস্তানৰ মেচ আহমেদাবাদত। গতিকে ১৩-১৬ অক্টোবৰৰ বুকিং আৰম্ভ হৈছে। মহানগৰীৰ সকলো হোটেল ইতিমধ্যে ভৰি পৰিছে। আৰু মেচৰ দিনত হোটেল ভৰ্তি হ’ব। এই হোটেলসমূহত ভিভিআইপিও থাকিব। গতিকে অতিৰিক্ত নিৰাপত্তা থাকিব বুলি বিশ্বাস কৰা হৈছে।“
প্ৰথমখন খেলত অংশগ্ৰহণ কৰিব নিউজিলেণ্ড আৰু ইংলেণ্ডে। ইতিমধ্যে সেই দুখন দেশৰ সমৰ্থকে হোটেল বুকিং আৰম্ভ কৰিছে। সংশ্লিষ্ট কোঠাৰ দাম প্ৰতিদিনে ৫০০ পাউণ্ড বা ৫২ হাজাৰ টকা। যদি আপুনি আৰু বিলাসী ঘৰ বিচাৰে তেন্তে ইয়াৰ দাম এক লাখ টকাৰ অধিক হ’ব।