বিশ্বব্ৰহ্মাণ্ডৰ আছে নিজা সংগীত! মহাকৰ্ষণ শক্তিৰ প্ৰবাহবোৰ প্ৰায় পোহৰৰ বেগেৰে বিশ্বব্ৰহ্মাণ্ডৰ মাজেৰে যাত্ৰা কৰে। আৰু তাৰ বাবেই মৃদু শব্দ তৰংগৰ সৃষ্টি হয়। কমেও এশ বছৰৰ আগতে বিশ্বব্ৰহ্মাণ্ডৰ এই ‘নেপথ্য সংগীত” উপলব্ধি কৰিছিল বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে। কিন্তু তেওঁ কোনো প্ৰমাণ দেখুৱাব নোৱাৰিলে। অৱশেষত বিজ্ঞানীসকলে সেই তত্ত্বৰ প্ৰমাণ লাভ কৰিছে । বিশ্বৰ বিভিন্ন প্ৰান্তৰ জ্যোতিৰ্বিজ্ঞানীসকলে আজি একেলগে এই খবৰটো ঘোষণা কৰে।
এই গৱেষণাৰ সৈতে এশৰো অধিক বিজ্ঞানী জড়িত আছিল। উত্তৰ আমেৰিকা, ইউৰোপ, চীন, ভাৰত আৰু অষ্ট্ৰেলিয়াত ৰেডিঅ’ টেলিস্কোপৰ সহায়ত প্ৰমাণ লাভ কৰিছে বিজ্ঞানীসকলে । গৱেষকসকলে কয় যে বহু বছৰৰ চেষ্টাৰ অন্তত বিশ্বব্ৰহ্মাণ্ডৰ নতুন তথ্য উণ্মোচিত হৈছে ৷
২০১৫ চনলৈকে বিজ্ঞানীসকল এই বিষয়ে নিশ্চিত নাছিল। সেই বছৰ দুটা কৃষ্ণগহ্বৰৰ সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা মহাকৰ্ষণীয় তৰংগ আমেৰিকা আৰু ইটালীৰ মানৱ নিৰীক্ষণ কেন্দ্ৰই ধৰা পেলাইছিল। এনে বিপৰ্যয়জনক মহাজাগতিক পৰিঘটনাই দীঘলীয়া কম্পাঙ্ক তৰংগ উৎপন্ন কৰে। কিন্তু দশক দশক ধৰি বিজ্ঞানীসকলে কম কম্পাঙ্ক মহাকৰ্ষণীয় প্ৰবাহৰ সন্ধান কৰি আহিছে। বিজ্ঞানীসকলে আগতে বিশ্বাস কৰিছিল যে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত এনে সোঁত অবিৰতভাৱে গতি কৰি আছে। প্ৰমাণৰ সন্ধানত তেওঁলোকে ‘ইণ্টাৰনেচনেল পালছাৰ টাইমিং এৰে কনচৰ্টিয়াম’ নামৰ অভিযানত নামি পৰে। আজিৰ প্ৰায় প্ৰতিখন মহাদেশৰ বিজ্ঞানীসকলে একত্ৰিত হৈ কয় যে তেওঁলোকে পটভূমিৰ সোঁতৰ প্ৰমাণ পাইছে। ইউৰোপীয় পালছাৰ টাইমিং এৰেৰ সদস্য মাইকেল কিথে কয় যে তেওঁলোকে এতিয়া বিশ্বব্ৰহ্মাণ্ডখন মহাকৰ্ষণীয় প্ৰবাহেৰে ভৰি আছে বুলি তথ্য লাভ কৰিছে ।
যেতিয়া কোনো বস্তুৰ মাজেৰে মহাকৰ্ষণীয় প্ৰবাহ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ গতি কৰে, তেতিয়া মহাকাশখন সূক্ষ্মভাৱে সংকোচিত আৰু প্ৰসাৰিত হয়। বিজ্ঞানীসকলে কম কম্পাঙ্ক মহাকৰ্ষণীয় প্ৰবাহৰ এই সংকোচন-প্ৰসাৰণৰ প্ৰমাণ বিচাৰিবলৈ আৰম্ভ কৰিলে। তাৰ বাবে তেওঁলোকে মৃত তৰা (পালছাৰ)ৰ কেন্দ্ৰীয় আঙঠিবোৰ নিৰীক্ষণ কৰে । নিয়মীয়াকৈ ৰেডিঅ’ তৰংগৰ জিলিকনি তেওঁলোকে প্ৰত্যক্ষ কৰে। কিথে কয়, “ঘড়ীৰ কাঁটাৰ দৰে কাম কৰে। নিৰ্দিষ্ট ব্যৱধানত জিলিকি উঠে ।” এইদৰে বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া পৰ্যবেক্ষণৰ সময়ত মহাকৰ্ষণীয় প্ৰবাহ আৰু ইয়াৰ পিছফালে থকা ‘সংগীত’ আৱিষ্কাৰ কৰিছে। বিজ্ঞানী কিথে কয় –“কৃষ্ণগহ্বৰৰ ভিতৰত গুণগুণনি শব্দটো ভিৰ কৰা ৰেষ্টুৰেণ্টত বহি থকা শব্দৰ দৰেই। মানুহে কথা পাতিছে আৰু ই কোমল, ক্ষীণ গুণগুণনি এটা কৰি আছে। যাদু যেন লাগিব শুনিলে।” প্ৰতিখন দেশৰ গৱেষণা পত্ৰ এখন সুকীয়া আলোচনীত প্ৰকাশ পাইছিল।