বলীউডৰ প্ৰবীণ অভিনেতা হৰিশ মেগানৰ মৃত্যু ঘটিছে । হৰিশে মেগানে ‘গোল মাল’, ‘নামক হালাল’, ‘চুপকে চুপকে’ আদি ছবিত অভিনয় কৰি জনপ্ৰিয়তা অর্জন কৰিছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৬ বছৰ।
দেওবাৰে টুইটাৰযোগে চিন্তা (চিনে এণ্ড টিভি আৰ্টিষ্ট এছ’চিয়েচন)ৰ হৰিশৰ মৃত্যুৰ খবৰ ঘোষণা কৰে। কোম্পানীটোৱে টুইট কৰি কয় –“ হৰিশ মেগানৰ মৃত্যুত আমি দুখী। ১৯৮৮ চনৰ পৰা তেওঁ আমাৰ সদস্য আছিল।” হৰিশৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। উদ্যোগটোৰ এটা অংশই অনুমান কৰিছিল যে বয়সৰ লগত জড়িত ৰোগৰ বাবে হৰিশৰ মৃত্যু হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।
হিন্দী ছবিৰ জগতখনত হৰিশৰ অভিনয় জীৱন প্ৰায় তিনিটা দশক ধৰি চলি আছে। আগতে তেওঁ তুলনামূলকভাৱে সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল। গুলজাৰৰ সৈতে থকা সুসম্পৰ্কৰ বাবেই তেওঁ ‘আন্ধী’ ছবিখনতো সুযোগ পাইছিল। অৱশ্যে হৃষিকেশ মুখোপাধ্যায়ৰ ‘গোল মাল’ত তেওঁৰ অভিনয় আজিও দৰ্শকৰ মনত আছে। অমিতাভ বচ্চন অভিনীত কেইবাখনো ছবিত তেওঁ অভিনয় কৰিছিল ৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল ‘নামক হালাল’, ‘শ্বেহেনছা’, ‘আজুবা’, ‘সত্তে পে সত্তা’। ১৯৯৬ চনত মুক্তি লাভ কৰা হৰিশৰ কেৰিয়াৰৰ শেষৰখন ছবি ‘বম্বে কা বাবু’। এ টি আই আইৰ প্ৰাক্তন ছাত্ৰ হৰিছে এসময়ত জুহুত অভিনয় প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰিছিল। হৰিশৰ মৃত্যুৰ কথা ছচিয়েল মিডিয়াত প্ৰকাশ কৰাৰ লগে লগে শোকৰ ছাঁ পৰে ৷