গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ পৰা বিশ্বক ৰক্ষা কৰিবলৈ আমেৰিকাৰ জো বাইডেন প্ৰশাসনে সূৰ্যৰ পোহৰ বন্ধ কৰাৰ পৰিকল্পনা কৰিছে। এই সন্দৰ্ভত এক অধ্যয়ন যোৱা শুকুৰবাৰে হোৱাইট হাউছৰ ৱেবছাইটত প্ৰকাশ পাইছিল।
হোয়াইট হাউছৰ বিজ্ঞান আৰু প্ৰযুক্তি নীতিৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে ‘সৌৰ জিঅ’ইঞ্জিনিয়াৰিং’ সম্পৰ্কীয় এক প্ৰতিবেদন। প্ৰতিবেদন অনুসৰি সূৰ্যৰ পোহৰক আৱদ্ধ কৰি গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ বাবে গৱেষণা চলি আছে। যাৰ উদ্দেশ্য হৈছে উষ্ণতা নিয়ন্ত্ৰণত ৰাখি পৃথিৱীখন শীতল কৰি ৰখা।
এই অধ্যয়নত সৌৰ বিকিৰণৰ পৰিৱৰ্তনশীলতা (SRM)ৰ বৈজ্ঞানিক আৰু সামাজিক প্ৰভাৱ পৰীক্ষা কৰা হৈছে। আমেৰিকাৰ জলবায়ু নীতিৰ অধীনত ইয়াৰ সম্ভাৱ্য বিপদ আৰু লাভৰ পৰিমাণ নিৰ্ণয় কৰাৰ প্ৰয়াস কৰা হৈছে । ইয়াৰ উপৰিও গৱেষকসকলে সেউজ গৃহ গেছৰ নিৰ্গমনৰ বিষয়টোও চকু ৰাখিছে। হোৱাইট হাউছৰ প্ৰতিবেদন অনুসৰি এছ আৰ এমৰ দ্বাৰা কেইবছৰমানৰ ভিতৰতে গোলকীয় উষ্ণতা বৃদ্ধিৰ সম্ভাৱ্য হ্ৰাসৰ আভাস পোৱা গৈছে। অৱশ্যে এই ক্ষেত্ৰত প্ৰযুক্তি আমদানি কৰাৰ পূৰ্বে এছ আৰ এমৰ গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে প্ৰতিবেদনত।
এই গৱেষণাই ভৱিষ্যতে গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰী আৰু কৰ্পৰেট প্ৰকল্পৰ বাবে ক্ষেত্ৰখন প্ৰস্তুত কৰি ৰাখিছে। সৌৰ বিকিৰণৰ পৰিৱৰ্তনে মানুহৰ স্বাস্থ্য, জৈৱ বৈচিত্ৰ্য, ভূ-ৰাজনীতিত প্ৰভাৱ পেলোৱা দেখা যায়। সূৰ্যৰ পোহৰ বন্ধ কৰিলে বতৰত প্ৰভাৱ পৰিব। খাদ্য যোগানতো ব্যাঘাত জন্মিব পাৰে। গতিকে সকলো দিশ পৰীক্ষা কৰি আগবাঢ়ি যাব বিচাৰিছে বাইডেন প্ৰশাসনে।