পাকিস্তানৰ বাওঁহাতৰ পেচাৰ মহম্মদ আমিৰে আই পি এলত খেলাৰ পূর্ণ সম্ভাৱনা আছে । ২০০৮ চনৰ পৰা পাকিস্তানী ক্ৰিকেটাৰক আই পি এল খেলাৰ পৰা নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিন্তু আমিৰ এতিয়া পাকিস্তানত নাথাকে। তেওঁ ইংলেণ্ডৰ বাসিন্দা । অহা বছৰ তাত তেওঁ নাগৰিকত্ব লাভ কৰিব ৷ গতিকে আই পি এল খেলিবলৈ তেওঁৰ কোনো বাধা নাথাকিব। ইংলেণ্ডৰ হৈ তেওঁ খেলিব পাৰে।
২০১৯ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল আমিৰে। বাওঁহাতৰ প্ৰতিভাৱান পেচাৰগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ মানসিক চাপ ল’ব নোৱাৰাৰ বাবে অৱসৰ লোৱা বুলি প্ৰকাশ কৰিছে । যদিও তেওঁ বিভিন্ন দেশৰ টি-২০ লীগত খেলিছিল। এক সাক্ষাৎকাৰত আমিৰে কয়, ‘বহু ভাৰতীয় অনুৰাগীয়েও বিচাৰে পাকিস্তানী ক্ৰিকেটাৰে আই পি এলত খেলা। কিন্তু পৰিস্থিতি সকলোৱে জানে। বহু ভাৰতীয় ক্ৰিকেটাৰেও পাকিস্তানী ক্ৰিকেটাৰৰ সৈতে আই পি এল খেলিব বিচাৰে। কিন্তু এই বিষয়ে কোনেও ৰাজহুৱাকৈ নকয়।”
অহা বছৰ ইংলেণ্ডৰ নাগৰিকত্ব লাভ কৰিলেও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি নাহে বুলি আমিৰে সদৰী কৰে ৷ ২০০৮ চনৰ পিছত কেৱল আজহাৰ মাহমুদেহে আই পি এলত খেলা দেখা গৈছিল। ব্ৰিটিছ নাগৰিকত্বৰ বাবে ২০১১ চনত পঞ্জাৱ কিংছৰ হৈ খেলিবলৈ তেওঁ খেলিবলৈ সক্ষম হৈছিল। অহা বছৰ যদি আমিৰে আই পি এলত খেলে তেন্তে তেওঁ ২০০৮ চনৰ পিছত আই পি এলত খেলা দ্বিতীয়জন পাকিস্তানী হিচাপে পৰিগণিত হ’ব।
২০১০ চনত আমিৰক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিষিদ্ধ কৰা হৈছিল। মেচ ফিক্সিং গোচৰত তেওঁৰ নাম জড়িত আছিল। ২০১৬ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি আহিছিল আমিৰ। শেষ মুহূৰ্তত ২০১৯ চনৰ বিশ্বকাপৰ দলত তেওঁ স্থান লাভ কৰে।