কুৱেইটক পৰাস্ত কৰি ছাফ কাপ জয় কৰাৰ পিছতো ভাৰতীয় ফুটবল বিতৰ্কৰ পৰা হাত সাৰিব নোৱাৰিলে। প্ৰতিযোগিতাৰ বিজয় উদযাপন কৰাৰ সময়তে ৰাষ্ট্ৰীয় পতাকাৰ পৰিৱৰ্তে ভাৰতীয় ফুটবলাৰ জেকচন সিঙৰ কান্ধত মণিপুৰৰ পতাকা দেখা গৈছিল ৷ জেকচনেও সেই পতাকাখন লৈ চেম্পিয়নৰ পদক গ্ৰহণ কৰে । দলটোৰ বহু ফুটবলাৰৰ কান্ধত দেশৰ জাতীয় পতাকা প্ৰত্যক্ষ কৰাৰ সময়তে জেকচনৰ কান্ধত মণিপুৰৰ পতাকাৰ বাবেই বিতৰ্ক আৰম্ভ হৈছে ৷
মণিপুৰৰ ফুটবলাৰ জেকচনৰ কান্ধত আছিল মেইটেই সম্প্ৰদায়ৰ সাতৰঙী পতাকা। মণিপুৰত বিগত দুমাহ ধৰি মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। জেকচন নিজেই মেইটেই সম্প্ৰদায়ৰ। সেয়েহে বিশেষজ্ঞসকলৰ মতে তেওঁ এই পতাকাখনেৰে নিজৰ সমাজখনৰ প্ৰতি সমর্থন আগবঢ়াব বিচাৰিছে ৷ অৱশ্যে ফুটবল মঞ্চত তেওঁ যিদৰে ব্যৱহাৰ কৰিছে তাত বহুতেই অসন্তুষ্টি প্ৰকাশ কৰিছে । তেওঁলোকৰ মতে, ইয়াৰ ফলত পুনৰ অশান্তিৰ সৃষ্টি হ’ব পাৰে। জেকচন ভাৰতৰ ১৭ বছৰ অনুৰ্ধ দলৰ অধিনায়ক আছিল। ১৭ বছৰ অনুৰ্ধ বিশ্বকাপ খেলিছিল। বিশ্বকাপত গ’ল দিয়া একমাত্ৰ ভাৰতীয় ফুটবলাৰ।
পিছত জেকচনে ছ’চিয়েল মিডিয়াত কয় যে তেওঁ কেৱল নিজকে সকলোৰে সন্মুখত ৰাখিব বিচাৰিছে। ভাৰতীয় ফুটবলাৰগৰাকীয়ে কয়, “মই কাৰো মনত আঘাত দিব বিচৰা নাছিলো। মোৰ ৰাজ্য মণিপুৰে এতিয়া যি পৰিস্থিতিৰ মাজেৰে পাৰ হৈ গৈছে, সেই পৰিস্থিতিৰ ওপৰত আলোকপাত কৰিব বিচাৰিছিলো।“
মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা হিংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যা ১০০ অতিক্ৰম কৰিছে । প্ৰায় ৫০ হাজাৰ লোক গৃহহীন হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হস্তক্ষেপ কৰিবলগীয়া হৈছিল। মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটেইসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ কথা বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে ইয়াৰ বিৰোধিতা কৰি জনসংগঠন ওলাই আহিল। দীঘলীয়া অস্থিৰতা আৰম্ভ হয় ৰাজ্যখনত ৷
ছাফ কাপৰ ফাইনেলত কুৱেইটক পৰাস্ত কৰিলে ভাৰতে। নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ’লত ড্ৰ’ হৈছিল। অতিৰিক্ত সময়ত কোনো গ’ল নাছিল। টাইব্ৰেকাৰৰ প্ৰথম পাঁচটা শ্বটত দুয়োটা দলে চাৰিটা গ’ল দিয়ে। ভাৰতীয় গ’লৰক্ষক গুৰপ্ৰীত সিং সান্ধুৱে কুৱেইটৰ অধিনায়কৰ ষষ্ঠটো শ্বট ৰক্ষা কৰে। ইয়াৰ লগে লগে ভাৰতে নৱমবাৰৰ বাবে ছাফ কাপ চেম্পিয়ন হয়।