ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ তিনিমাহ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে বাংলাদেশ ক্ৰিকেট টীমৰ অধিনায়ক তামিম ইকবালে। বাংলাদেশৰ এদিনীয়া ক্ৰিকেট অধিনায়কগৰাকীয়ে বৃহস্পতিবাৰে সংবাদমেলযোগে অৱসৰৰ কথা ঘোষণা কৰে।
বৃহস্পতিবাৰে চট্টগ্ৰামত সংবাদমেল আহ্বান কৰে তামিমে। তাত উপস্থিত সাংবাদিকসকলে কল্পনাও কৰিব পৰা নাছিল যে তেওঁ হঠাতে এনে সিদ্ধান্ত ল’ব। হঠাতে ১৬ বছৰীয়া কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে তামিমে। তেওঁ নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। চকুলো টুকি অৱসৰ ঘোষণা কৰা তামিমে কোনো কাৰণ স্পষ্টভাৱে প্ৰকাশ কৰা নাই ।
তামিমৰ পিছত বাংলাদেশৰ এদিনীয়া অধিনায়ক কোন হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। শৃংখলাৰ বাকী অংশৰ দায়িত্ব চাকিব আল হাছান বা লিটন দাসক দিয়া হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। কাৰণ লিটন বাংলাদেশৰ টেষ্ট ক্ৰিকেটৰ অধিনায়ক। আনহাতে ছাকিব টি-২০ ক্ৰিকেটৰ অধিনায়ক। বিশ্বকাপৰ তিনিমাহ পূৰ্বে তামিমৰ এই সিদ্ধান্তই বহু প্ৰশ্নৰ উত্থাপন কৰিছে। নিজৰ ইচ্ছামতে তামিমে অৱসৰ ল’লে নে ইয়াৰ আঁৰত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ কিবা ভূমিকা আছে তাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে ৷