এইবাৰ ডাঙৰ পৰ্দাত প্ৰর্দশিত হ’ব ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱন। কবিগুৰুৱে সৃষ্টি কৰা গীত, কবিতা, কাহিনী বা নাটক নহয়- এইবাৰ বলীউডত নির্মান হ’ব তেওঁৰ জীৱন ৷ শেহতীয়াকৈ ছ’চিয়েল মিডিয়া পেজতো ৰবীন্দ্ৰনাথৰ বেশত অভিনেতাগৰাকীৰ ‘লুক’ প্ৰকাশ পাইছে। বলীউডৰ কোনজন অভিনেতাক ডাঙৰ পৰ্দাত ৰবীন্দ্ৰনাথৰ চৰিত্ৰত দেখা যাব?
মূৰত শুভ্ৰ দীঘলীয়া চুলি, গালত বগা দাড়ি। শৰীৰত ক’লা কাপোৰ । ক’লা-বগা ছবিত উজ্জ্বল কবিগুৰু। কিন্তু কবিগুৰু নিজে নহয়, বলীউডৰ অভিনেতা অনুপম খেৰে এই বেশত ধৰিছে তেওঁৰ চৰিত্ৰৰ বাবে। প্ৰথম দৃষ্টিতে তেওঁৰ এই ‘লুক’ দেখি আচৰিত হৈ পৰিল নেটিজেনসকল। ‘কাশ্মীৰ ফাইলছ’ৰ বিখ্যাত অভিনেতাগৰাকীয়ে তেওঁৰ ৫৩৮ সংখ্যক প্ৰজেক্টত বিশ্বকবিৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে। ছ’চিয়েল মিডিয়া পেজত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰূপত নিজৰ লুক শ্বেয়াৰ কৰি অনুপমে লিখিছে, “মোৰ ৫৩৮ সংখ্যক প্ৰজেক্টত গুৰুদেৱৰ চৰিত্ৰত অভিনয় কৰি গৌৰৱ অনুভৱ কৰিছো।” সকলো কথা সঠিক সময়ত ক’ম।” অনুপমৰ অনুৰাগীসকল এই লুকত আপ্লুত হৈছে। সাজ-পোছাক আৰু সজ্জাত ৰবীন্দ্ৰনাথক প্ৰায় নিখুঁতভাৱে চিত্ৰিত কৰিছে অভিনেতাগৰাকীয়ে। অনুপমৰ চেহেৰাকো প্ৰশংসা কৰে নেটিজেনসকলে। বহুতে তেওঁৰ প্ৰকল্পৰ বাবে শুভকামনা জনাইছে।
চলিত বৰ্ষৰ মাৰ্চ মাহত কলকাতা ভ্ৰমণৰ সময়ত অনুপমে শান্তিনিকেতন ভ্ৰমণ কৰিছিল। বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ চৌহদত উপস্থিত হৈ অভিনেতাগৰাকী আপ্লুত হৈ পৰে। লগতে কবিগুৰুৱে প্ৰৱৰ্তন কৰা শিক্ষা ব্যৱস্থাৰ প্ৰশংসা কৰে। শান্তিনিকেতনত থকা সময়ছোৱাত তেওঁ তাৰ পৰা কেইবাখনো ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। আনকি অভিনেতাগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ আগত ৰবীন্দ্ৰ সংগীত গোৱাও দেখা গৈছিল।