বিদেশী লীগত খেলাৰ বাবে ভাৰতীয় ক্ৰিকেটাৰসকলে আগতীয়াকৈ অৱসৰ ল’ব পাৰে বুলি ব’ৰ্ডে অনুভৱ কৰিছে। সেই কাৰণে এইক্ষেত্ৰত নতুন নিয়ম আনিব পাৰি নেকি সেই সন্দর্ভত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ এপেক্স কাউন্সিলৰ বৈঠকত আলোচনা হয়। ইয়াক লৈ চিন্তিত হৈ পৰিছে বিচিচিআই।
যোৱা আই পি এলৰ অন্তিম দিনা চেন্নাই ছুপাৰ কিংছৰ বেটছমেন আম্বাতি ৰায়ুডুৱে অৱসৰৰ কথা ঘোষণা কৰে। ইয়াৰ পিছত তেওঁ প্ৰকাশ কৰে যে তেওঁ আমেৰিকান ক্ৰিকেট লীগত খেলিব। অৱশ্যে শনিবাৰে তেওঁ ব্যক্তিগত সমস্যাৰ বাবে আমেৰিকান লীগত খেলিব নোৱাৰিব বুলি ঘোষণা কৰে। ক্ৰিকেটাৰসকলৰ অৱসৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ব’ৰ্ডৰ এগৰাকী বিষয়াই কয়, ‘এতিয়া ক্ৰিকেটাৰসকলে ইচ্ছা কৰিলে অৱসৰ ল’ব পাৰে আৰু বিদেশী লীগত খেলিব পাৰে । আই পি এলৰ বিভিন্ন দেশৰ লীগত ফ্ৰেঞ্চাইজি আছে। ফলত তেওঁলোকে দলত ভাৰতীয় ক্ৰিকেটাৰ বিচাৰে। এই কাৰণেই চিন্তিত হৈ পৰিছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ড।“
ইয়াৰ পিছত তেওঁ নতুন নিয়ম অনাৰ কথা প্ৰকাশ কৰে ৷ব’ৰ্ডৰ বিষয়াগৰাকীয়ে কয়, “অৱসৰৰ পিছত কুলিং অফ পিৰিয়ড (নিৰ্দিষ্ট সময় খেলিব নোৱাৰা) নিয়ম কৰিব পাৰে ৷ বৰ্তমানৰ নিয়ম অনুসৰি ক্ৰিকেটাৰসকলে অৱসৰৰ পিছত বিদেশৰ টি-২০ লীগত খেলিব পাৰে। ইয়াক সলনি কৰিব পাৰে । ব’ৰ্ডে কি সিদ্ধান্ত লয় লক্ষণীয় হ’ব ৷” বিদেশী লীগত খেলাৰ আৰ্থিক প্ৰলোভনৰ বাবে ক্ৰিকেটাৰসকলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সোনকালে অৱসৰ ল’ব পাৰে বুলি ব’ৰ্ডে আশংকা প্ৰকাশ কৰিছে। সেইবাবেই ব’ৰ্ডে নিয়ম সলনি কৰিব বিচাৰিছে। অৱসৰৰ পিছত ৰবিন উথাপ্পা আৰু ইউছুফ পাথানে বিদেশৰ টি-২০ লীগত খেলিছিল।
বিদেশী লীগত খেলিবলৈ ক্ৰিকেটাৰসকলৰ অৱসৰৰ উপৰি বিভিন্ন বিষয়ৰ ওপৰত এপেক্স কাউন্সিলৰ বৈঠকত আলোচনা কৰা হয়। ভাৰতে প্ৰথমবাৰৰ বাবে এছিয়ান গেমছলৈ প্ৰেৰণ কৰিব এটা দল। শীৰ্ষ পৰিষদৰ বৈঠকৰ পিছত ব’ৰ্ডৰ এগৰাকী বিষয়াই কয় যে ভাৰতে এছিয়ান গেমছলৈ পুৰুষ আৰু মহিলা দল প্ৰেৰণ কৰিব। ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত মেচ অনুষ্ঠিত হ’ব ৷
কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডক এছিয়ান গেমছত অংশগ্ৰহণৰ বাবে অনুৰোধ জনাইছিল । সেই অনুৰোধ মানি ব’ৰ্ডে পুৰুষ আৰু মহিলা দল চীনত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত খেলিবলৈ পঠিয়াব। এইবাৰ চীনৰ হাংঝুত অনুষ্ঠিত হ’ব এছিয়ান গেমছ। ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। ৮ অক্টোবৰলৈ খেল চলি থাকিব। যদিও ক্ৰিকেটৰ সময়সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই, তথাপিও ঝেজিয়াং বিশ্ববিদ্যালয়ৰ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব বুলি ব’ৰ্ডৰ সঞ্চালকে জনায়। ১৯ৰ পৰা ২৮ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব মহিলাৰ খেল। ২৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ল’ৰা ক্ৰিকেট প্ৰতিযোগিতা। ৮ অক্টোবৰলৈকে চলিব।
এছিয়া কাপৰ সময়ত অনুষ্ঠিত হ’ব বিশ্বকাপ। ৫ অক্টোবৰৰ পৰা ভাৰতত আৰম্ভ হ’ব বিশ্বকাপ। একেলগে দুখন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বাবে দ্বিতীয় স্থানৰ দলটোক এছিয়ান গেমছলৈ প্ৰেৰণ কৰা হ’ব। ভিভিএছ লক্ষ্মণক এছিয়ান গেমছৰ প্ৰশিক্ষক হিচাপে প্ৰেৰণ কৰিব পাৰে। যিসকল ক্ৰিকেটাৰে বিশ্বকাপ খেলিব নোৱাৰে তেওঁলোকক তালৈ পঠিওৱা হ’ব।এছিয়ান গেমছৰ ইতিহাসত তৃতীয়বাৰৰ বাবে ক্ৰিকেট খেলিব। ২০১৪ চনত প্ৰথমবাৰৰ বাবে খেলা হৈছিল।