বলীউডৰ চেলিব্ৰিটিৰ জীৱন যেন দেখাৰ দৰে সহজ নহয়। প্ৰায় গোটেই বছৰটো ছবি, বিজ্ঞাপনৰ শ্বুটিং, প্ৰচাৰ, পাৰ্টি আদিত ব্যস্ত থাকিব লাগে। বলীউডৰ বহু তাৰকাই কম বেছি পৰিমাণে নিয়মীয়াকৈ মদ্যপান কৰে ৷ কিন্তু ইয়াৰে একাংশ তাৰকাই কেতিয়াও সুৰা স্পর্শও নকৰে ৷ আনকি বহুতে কোনো বলীউডৰ পাৰ্টিতো নাযায় কাৰণ তেওঁলোকে মদ খাবলৈ বাধ্য হ’ব পাৰে। মদৰ পৰা বিৰত থকা এনে ১০ গৰাকী বলীউডৰ তাৰকাৰ বিষয়ে জানো আহঁকচোন ৷
অক্ষয় কুমাৰ
এই তালিকাত প্ৰথম স্থানত আছে বলীউডৰ ‘খিলাড়ী’ অক্ষয় কুমাৰ। অক্ষয়ৰ ফিটনেছ আৰু অনুশাসনৰ ওপৰত গুৰুত্ব দিয়াৰ কথা সকলোৱে জানে। আৰু সেইবাবেই অক্ষয়ে নিজকে মদৰ পৰা আঁতৰাই ৰাখে। ‘দ্য কপিল শৰ্মা শ্ব’ত এই কথা নিজেই প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে।
হৃত্বিক ৰোশন
অভিনেতা হৃত্বিক ৰোশনেও মদ খোৱাৰ পৰা বিৰত থাকে যাতে তেওঁৰ ফিট শৰীৰটোত চৰ্বি নহয়। লগতে মদৰ সোৱাদ ভাল নাপায় বুলিও তেওঁ কয়।
অমিতাভ বচ্চন
অভিনেতা অমিতাভ বচ্চনেও বয়স বৃদ্ধিৰ বাবে যথেষ্ট কঠোৰ নীতি নিয়ম অনুসৰন কৰে । ইয়াৰ উপৰিও শাৰীৰিক অসুস্থতাৰ বাবে বিগ বিৰ শৰীৰৰ কেইবাটাও অস্ত্ৰোপচাৰ কৰা হৈছে। গতিকে চৰিত্ৰটোৰ প্ৰয়োজনীয়তাৰ বাবে পৰ্দাত তেওঁক মদ্যপান কৰা দেখা গ’লেও বাস্তৱত তেওঁ মদ স্পৰ্শ নকৰে।
অভিষেক বচ্চন
অমিতাভ-পুত্ৰ অভিষেক বচ্চনক বলীউডৰ অন্যতম শক্তিশালী অভিনেতা হিচাপে গণ্য কৰা হয়। পিতৃৰ দৰে অভিষেকেও নিজকে অনুশাসনৰ অধীনত ৰাখি ভাল পায়। আৰু সেইবাবেই মদ খোৱাৰ পৰা নিজকে আঁতৰাই ৰাখে।
শিল্পা শ্বেট্টী
শিল্পা শ্বেট্টী বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অভিনয় জগতৰ পৰা অলপ দূৰত যদিও নিয়মৰ ভিতৰত থাকি ভাল পায়। তেওঁক বলিউডৰ ‘ফিটনেছ কুইন’ বুলিও কোৱা হয়। আৰু ব্যায়ামৰ কাৰণে তেওঁ মদ নাখায় বা তেলীয়া আহাৰ নাখায়।
সোনাক্ষী সিনহা
প্ৰবীণ অভিনেতা শত্ৰুঘন সিনহাৰ কন্যা সোনাক্ষী সিনহা বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী। শিল্পাৰ দৰে তেওঁ মদ্যপানক বেয়া অভ্যাস বুলি গণ্য কৰে।
জন আব্ৰাহাম
বলীউডৰ অন্যতম সুদৰ্শন অভিনেতা। জনক বলীউডৰ ‘হেণ্ডচাম হাংক’ বুলি কোৱা হয়। সেইবাবেই জন চৰ্বিযুক্ত খাদ্য আৰু মদ আৰু মিঠাইৰ দৰে খাদ্য় খোৱাৰ পৰা বিৰত থাকে।
দীপিকা পাডুকন
অভিনেত্ৰী দীপিকা পাডুকনেও মদ্য়পান নাখায়। বৰ্তমান দীপিকা বলীউড জগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী। শৰীৰৰ আকৃতি বজাই ৰাখিবলৈ আৰু ফিট হৈ থাকিবলৈ দীপিকাই মদ পৰিহাৰ কৰে। যদিও তেওঁৰ স্বামী ৰণবীৰ সিঙক মদ খোৱা দেখা যায় খুব কমেইহে।
পৰিনীতি চোপ্ৰা
অভিনেত্ৰী পৰিনীতি চোপ্ৰাই অভিনয়ৰ বাবে বলীউডত বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম নহ’লেও বৰ্তমান বিবাহৰ প্ৰস্তুতি চলায় আছে। আগন্তুক শীতকালত তেওঁ আপৰ সাংসদ ৰাঘৱ চাদ্দাৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে। ওজন কমাই নিজকে ফিট কৰি ৰাখিবলৈ ভাল পায় পৰিনীতিয়ে। আৰু সেইবাবেই মদ্যপান এৰিলে।
সিদ্ধাৰ্থ মালহোত্ৰা
বলীউডৰ নতুন প্ৰজন্মৰ অন্যতম তাৰকা সিদ্ধাৰ্থ মালহোত্ৰা। শেহতীয়াকৈ তেওঁৰ বিয়া হৈছিল। সিদ্ধাৰ্থৰ মতে বহু লোকে কৰ্মৰ মানসিক চাপৰ পৰা সাময়িক সকাহ হিচাপে মদ গ্ৰহণ কৰে। অৱশ্যে সুৰাৰ পৰা আঁতৰি থাকে বুলি অভিনেতাজনে কয়।