১৭ বছৰ বয়সৰ পৰাই তেওঁ ডিপাৰ্টমেণ্ট ষ্ট’ৰত কাম কৰিবলৈ আৰম্ভ কৰে। তেতিয়াৰ পৰাই তেওঁ তাত ৭৪ বছৰ ধৰি অবিৰতভাৱে কাম কৰি আহিছে। কিন্তু ততেওঁ এই ৭৪ বছৰীয়া কর্মজীৱনত এদিনো ছুটী লোৱা নাই ৷ সেই মহিলা কর্মচাৰী গৰাকী হৈছে ৯১ বছৰীয়া মেলবা মেবান ৷ নিজৰ সাত দশকজোৰা কেৰিয়াৰত কেতিয়াও এদিনৰ ছুটীৰ বাবেও তেওঁ আবেদন কৰা নাই। চলিত মাহৰ আৰম্ভণিতে অৱশেষত আমেৰিকাৰ টেক্সাছৰ বাসিন্দা মেলবাই অৱসৰ গ্ৰহণ কৰে। তেতিয়াই মেলবাৰ এই কৃতিত্ব পোহৰলৈ আহে।
১৯৪৯ চনত তেওঁ প্ৰথমবাৰৰ বাবে এই সেৱাত যোগদান কৰে। টেক্সাছৰ টাইলাৰৰ ডিপাৰ্টমেণ্ট ষ্ট’ৰ চেইন ডিলাৰ্ডছত। মেলবৰ্ণ চহৰৰ উপৰিও এই ষ্ট’ৰসমূহ আমেৰিকাৰ ২৯খন ৰাজ্যত বিয়পি আছে। মুঠতে ডিলাৰ্ডছৰ আমেৰিকাত মুঠ ২৮২টা ষ্ট’ৰ আছে।
ডিলাৰ্ডছৰ মুখ্য কাৰ্যালয় আৰ্কান্ সাছৰ লিটছ ৰকত। কেৱল টেক্সাছতে ইয়াৰ ৫৭টা ষ্ট’ৰ আছে। মেলবাই প্ৰথমে ডিলাৰ্ডৰ লিফ্ট চলোৱাৰ চাকৰি পাইছিল। লাহে লাহে তেওঁক পদোন্নতি দিয়া হ’ল। পিছলৈ তেওঁক প্ৰসাধন সামগ্ৰী বিক্ৰীৰ দায়িত্ব দিয়া হৈছিল।
কেইদিনমানৰ ভিতৰতে মেলবাই ষ্ট’ৰ মেনেজমেণ্টৰ দায়িত্ব লাভ কৰে ৷ ডিলাৰ্ডৰ কাউণ্টাৰত থিয় হৈ তেওঁ বিক্ৰী কৰাৰ সময়ত তেওঁৰ কথা-বতৰা আৰু আচৰণত সহকৰ্মীৰ পৰা গ্ৰাহকলৈকে সন্তুষ্ট আছিল । মেলবাৰ কেৰিয়াৰক তেওঁৰ অৱসৰৰ দিনটোত সহকৰ্মীসকলে উদযাপন কৰিছিল। সেই পাৰ্টিত ষ্ট’ৰ মেনেজমেণ্টো উপস্থিত আছিল।
ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জেমছে কয় “ মেলবাই গ্ৰাহকৰ পৰা সহকৰ্মীলৈকে সকলোৰে আশা পূৰণ কৰিছে। ষ্ট’ৰখনৰ প্ৰতিজন গ্ৰাহকে এনে এটা সেৱা আগবঢ়াইছিল যিটো আমি অনুভৱ কৰিবলৈ আগ্ৰহী আছিলো।”