ঢাকাৰ ৰাজপথৰ পৰা এক কিলোমিটাৰ ভিতৰত বাংলাদেশৰ শাসকীয় দল আৱামী লীগ আৰু বিৰোধী বিএনপিয়ে ৰাজহুৱা সভা অনুষ্ঠিত কৰে। এই সভাৰ ফলত বুধবাৰে দেশখনৰ জনজীৱন স্থবিৰ কৰি তোলে ৷ দুই পার্টীৰ মাজত হোৱা সংঘৰ্ষত দুই এজন লোক আহত হোৱাৰ বাহিৰে আন কোনো ডাঙৰ ঘটনা হোৱা নাই বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ কিন্তু এই সংঘাতৰ বীজ দুই ৰাজহুৱা সভাই ঘোষণা কৰা ‘এক দফা’ দাবীৰ বাবেই সূত্ৰপাত হৈছে বুলি আশংকা কৰা হৈছে। বিএনপিৰ ‘এক দফা’ দাবী হৈছে শ্বেখ হাছিনা চৰকাৰৰ পদত্যাগৰ পিছত নিৰ্বাচন। শাসকীয় দলে ইয়াক ওভতি ধৰি ‘এক দফা’ অনুসৰি দাবী কৰে যে শ্বেখ হাছিনা অবিহনে নিৰ্বাচন নহয়।
ছমাহৰ অন্তত বাংলাদেশত সাধাৰণ নিৰ্বাচন। ইয়াৰ পূৰ্বে বিএনপি আৰু তেওঁলোকৰ সহযোগী একাংশ দলে শ্বেখ হাছিনাৰ চৰকাৰৰ দিনত নিৰ্বাচন মানি নলয় বুলি দাবী কৰিছিল। এই চৰকাৰৰ পদত্যাগৰ পিছত নিৰপেক্ষ অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিব লাগে। সেই চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰিব। বিএনপিয়ে নয়া পল্টনত থকা তেওঁলোকৰ কাৰ্যালয়ৰ সন্মুখত ৰাজহুৱা সভালৈ আহ্বান জনায়। এই দাবীৰ সমৰ্থনত ১১টা মিত্ৰ দল আৰু মিত্ৰজোঁটে ঢাকাৰ মাজমজিয়াত আন ৭টা স্থানত সমদলৰ আহ্বান জনায়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে শাসকীয় দল আৱামী লীগৰ উত্তৰ আৰু দক্ষিণ মহানগৰ সমিতিয়ে ৰাষ্ট্ৰীয় মছজিদ বৈতুল মুকাৰৰামৰ দক্ষিণ গেটৰ সন্মুখত ‘শান্তি সমদল’ৰ আহ্বান জনায়।
আৱামি লীগৰ বিধানসভাত দলটোৰ সাধাৰণ সম্পাদক ওবাইদুল কোৱাডাৰে কয়, “অনিৰ্বাচিত চৰকাৰৰ হাতত আৰু কোনো ক্ষমতা নাথাকিব। আইনগতভাৱে কোনো সুযোগ নাই। পৃথিৱীৰ সকলো দেশতে নিৰ্বাচন আয়োগে নিৰ্বাচিত চৰকাৰখনক ৰাখি সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰে। বাংলাদেশতো একেই হ’ব৷ শ্বেখ হাছিনা বা চৰকাৰে পদত্যাগ কৰাৰ কোনো কাৰণ নাই।”
তদুপৰি বিএনপিৰ সাধাৰণ সম্পাদক ফখৰুল ইছলাম আলমগীৰে কয় , ‘২০১৪ আৰু ২০১৮ চনৰ প্ৰৱঞ্চনামূলক নিৰ্বাচনে প্ৰমাণ কৰিছে যে এই চৰকাৰৰ অধীনত ন্যায্য নিৰ্বাচন অসম্ভৱ। গতিকে এই চৰকাৰখনে পদত্যাগ কৰি নিৰ্বাচনৰ সময়ত নিৰপেক্ষ চৰকাৰ গঠন কৰাটো আমাৰ এক দফা দাবী। নিৰ্বাচন আয়োগৰ পুনৰ্গঠন কৰিব লাগে। প্ৰৱঞ্চনামূলক ভোটত গঠন হোৱা অবৈধ সংসদ বিলুপ্ত কৰিব লাগিব।” ফখৰুলে মিত্ৰ দলসমূহৰ সৈতে এই ‘এক দফা’ দাবীৰ বাবে গণ আন্দোলন গঢ়ি তুলিব বুলি কয়। তেওঁৰ প্ৰথম কাৰ্যসূচী মঙলবাৰে সমগ্ৰ ঢাকাত সমদল উলিওৱা হ’ব। ফখৰুলে দাবী কৰে যে এই পদযাত্ৰাই চৰকাৰৰ পতন ত্বৰান্বিত কৰিব।
কিন্তু দুয়োপক্ষৰ এই “এক দফা”ৰ বাবে পুৱাৰে পৰা ঢাকাৰ জনসাধাৰণক ব্যতিব্যস্ত কৰি তোলে । শোভাযাত্ৰাৰ যান-জঁটৰ বাবে সাধাৰণ ৰাইজে দুর্ভোগ ভূগিব লগীয়া হয় ৷