ভাৰতীয় ক্ৰিকেট তাৰকা কে এল ৰাহুলৰ সৈতে কিছুদিন পূর্বে বিবাহপাশত আবদ্ধ হৈছে সুনীল শ্বেট্টীৰ কন্যা আথিয়া শ্বেট্টীয়ে। আঘাতৰ বাবে দলৰ পৰা আঁতৰি আছে ৰাহুল। অস্ত্ৰোপচাৰ কৰা হৈছে, লাহে লাহে সুস্থ হৈ উঠিছে। অতি সোনকালে ৰাষ্ট্ৰীয় দললৈ ঘূৰি আহিব এই ক্ৰিকেট তাৰকা। কন্যা আথিয়াৰ সৈতে ৰাহুলৰ বিবাহক লৈ সমগ্ৰ শ্বেট্টী পৰিয়াল সুখী। অৱশ্যে জোঁৱাই ৰাহুলক বিশেষ উপদেশ দিলে শহুৰেক সুনীলে। তাৰোপৰি জীয়েক আঠিয়াক সুখী বিবাহৰ পাঠ দিলে অভিনেতাজনে।
সুনীল আৰু তেওঁৰ পত্নী মানা শ্বেট্টীৰ বিবাহৰ প্ৰায় ২৪ বছৰ হ’ল। বলীউডৰ অন্যতম সফল দম্পতী তেওঁলোক । সেয়ে সুনীলে জীয়েক আথিয়াক সুখী বিবাহৰ পাঠ শিকাইছিল। এক সাক্ষাৎকাৰত অভিনেতাজনে কয় যে যেতিয়া তেওঁৰ কন্যাই প্ৰথমবাৰৰ বাবে তেওঁক বলীউডত প্ৰৱেশ কৰিবলৈ কৈছিল তেতিয়া প্ৰথমে বিফলতাক গ্ৰহণ কৰাৰ সাহস ৰাখিব লাগিব । অৱশ্যে সুনীলে কেৰিয়াৰৰ উপৰি বিবাহ সম্পৰ্কে আথিয়াক পৰামৰ্শ দিয়ে, “সঙ্গী এনেকুৱা এজন ব্যক্তি হ’ব লাগে যাক আপুনি চকু মুদি বিশ্বাস কৰিব পাৰিব। লগতে মনত ৰাখিব, ৰাহুল এজন ক্ৰীড়াবিদ। তেওঁ অনবৰতে ভ্ৰমণ কৰিব লগা হয়। সকলো সময়তে পত্নীৰ লগত থাকিব নোৱাৰিবও পাৰে। তোমাক সংগ দিব নোৱাৰিবও পাৰে । অভিনেতাৰ দৰে খেলুৱৈয়ে জীৱনত অহৰহ উত্থান-পতনৰ মাজেৰে পাৰ হ’বলগীয়া হয়।”
অৱশ্যে কন্যা আথিয়াই ৰাহুলক জীৱন সংগী হিচাপে বাছি লোৱাত অভিনেতাজন সুখী। সুনীলে ভাবে যে অথিয়াৰ ভাগ্য ভাল যে এনেকুৱা এজন স্বামী আছে। কিন্তু জোঁৱাইক বেছি ভাল নহ’বলৈ পৰামর্শ দিছে ৷ অভিনেতাজনে কয় “ ইমান ভাল মানুহ হোৱাৰ প্ৰয়োজন নাই যে মানুহে আপোনাৰ ভালক মূল্য দিয়ে আৰু আপোনাক নহয়। মই সদায় আথিয়াক কওঁ, তোমাৰ ভাগ্য ভাল যে এনেকুৱা এজন স্বামী পাইছে ।”