উইম্বলডনৰ ফাইনেললৈ যোৱাৰ পথত ন’ভাক জ’কভিচে পত্নী জেলিনা জ’কভিচে বাটত পানী ছটিয়াই দিছিল ৷ ছাৰ্বিয়াৰ লোকবিশ্বাস অনুসৰি ঘৰৰ পৰা ওলাই আহোঁতে নিজৰ বাটত পানী ছটিয়াই দিয়াটো এটা শুভ লক্ষণ। মনোকামনা পুৰণ হয় বুলি বিশ্বাস কৰা হয় এই জনবিশ্বাস অনুসৰি ৷ কিন্তু এইবাৰ যেন মনোকামনা পুৰণ নহ’ল ন’ভাক জক’ভিচৰ ৷ পৰাস্ত হ’ল উইম্বলডনত ৷ ইয়াৰ বিপৰীতে জক’ভিচৰ দৰে মহাতাৰকাক পৰাস্ত কৰি প্ৰথম উইম্বলডনৰ খিতাপ জয় কৰিলে কাৰ্লোছ আলকাৰাজে। স্পেনিছ খেলুৱৈগৰাকীয়ে জ’কভিচক ৫ ছেটত পৰাস্ত কৰি দ্বিতীয়টো গ্ৰেণ্ড শ্লেম জয় কৰে। ডেৰ মাহ পূৰ্বে ফ্ৰেন্স অ’পেনৰ ছেমি ফাইনেলত জ’কভিচৰ হাতত পৰাস্ত হৈছিল তেওঁ । সেই পৰাজয়ৰ প্ৰতিশোধ ল’লে আলকাৰাজে। তেওঁ উইম্বলডনত জ’কভিচৰ জয় স্তব্ধ কৰি দিবলৈ সক্ষম হয় । একেৰাহে চাৰিবাৰ উইম্বলডনত জয়লাভ কৰাৰ পিছত জ’কভিচে পঞ্চমবাৰৰ বাবে পৰাস্ত হ’বলগীয়া হয়।
টেনিছ জগতখনে আশা কৰিছিল মহাকাব্যিক ফাইনেলৰ। এফালে জ’কভিচৰ হাতত আছে ২৩টা গ্ৰেণ্ড শ্লেম। উইম্বলডনত একেৰাহে ২৮খন মেচ অপৰাজিত। শেষবাৰৰ বাবে ২০১৭ চনৰ কোৱাৰ্টাৰ ফাইনেলত টমাছ বাৰ্ডিচৰ হাতত পৰাস্ত হৈছিল তেওঁ । ছাৰ্বিয়ান খেলুৱৈ ৰজাৰ ফেডাৰেৰে একেৰাহে পাঁচটা উইম্বলডন খিতাপ দখল কৰাৰ সুযোগ লাভ কৰিছিল । গ্ৰাছ ক’ৰ্টত ঈৰ্ষণীয় অভিলেখৰ মালিক জ’কভিচৰ সন্মুখত আছিল বিশ্বৰ এক নম্বৰ স্থানত থকা আলকাৰাজে ৷ এইবাৰ ভাল খেলাৰ পিছতো তেওঁ গ্ৰেণ্ড শ্লেম জয় কৰিব নোৱাৰিলে। ডেৰ মাহ পূৰ্বে ফ্ৰেঞ্চ অ’পেনৰ ছেমি ফাইনেলত জ’কভিচৰ বিৰুদ্ধে আঘাতপ্ৰাপ্ত হৈছিল স্পেনিছ খেলুৱৈগৰাকী। এই মেচখনত সেয়া নহ’ল। আনহাতে, মেচখন চলি থকাৰ লগে লগে জ’কভিচ ভাগৰুৱা হৈ পৰিল। দুয়োজনে বহুত ভুল কৰিলে। অধিক ভুল কৰি মেচখনত পৰাস্ত হয় জ’কভিচে। শেষত ২০ বছৰীয়া আলকাৰাজে ৩৬ বছৰীয়া জ’কভিচক ৪ ঘণ্টা ৪২ মিনিটত ১-৬, ৭-৬ (৮-৬), ৬-১, ৩-৬, ৬-৪ ছেটত পৰাস্ত কৰে।