অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু আপ নেতা ৰাঘৱ চাদ্দাই চলিত বছৰতে জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছে। ১৩ মে’ত পৰিনীতিয়ে আম আদমী পাৰ্টিৰ নেতা তথা সাংসদ ৰাঘৱৰ সৈতে বাগ্দান সম্পন্ন কৰে। দিল্লীৰ কাপুৰথালা হাউচত ব্যক্তিগত পৰ্যায়ত ৰাঘৱৰ সৈতে আঙঠি বিনিময় কৰে পৰিনীতিয়ে। পৰিনীতিৰ ভগ্নী প্ৰিয়ংকা চোপ্ৰা জোনাছও তাত উপস্থিত আছিল। এংগেজমেণ্টৰ পিছত চলিত বৰ্ষৰ শেষৰ ফালে ৰাঘৱৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে বলীউডৰ অভিনেত্ৰীগৰাকী। ইয়াৰ প্ৰস্তুতিও আৰম্ভ হৈছে। এতিয়াৰ পৰাই তেওঁলোক বিয়াৰ ব্যৱস্থাত ব্যস্ত হৈ পৰিছে । পৰিনীতি আৰু ৰাঘৱ দুয়োজনেই ব্যক্তিগতভাৱে চোৱা-চিতা কৰিছে সকলো প্ৰস্তুতি। বিয়াৰ বাবে দম্পতীহালৰ কি পৰিকল্পনা? ৰাঘৱৰ ঘৰ দিল্লীৰ, পৰিনীতিৰ ঘৰ মুম্বাইত। ক’ত আয়োজন কৰিব বিবাহৰ অভ্যৰ্থনা পাৰ্টি?
জানিব পৰামতে, পৰিনীতি আৰু ৰাঘৱে চলিত বৰ্ষৰ অক্টোবৰ মাহত বিবাহপাশত আবদ্ধ হ’ব। ৰাজস্থানৰ বিলাসী প্ৰাসাদ বা হোটেলত সাতদিনীয়া বিবাহৰ অন্তত এখন বা দুখন নহয়, তিনিখন চহৰত অভ্যর্থনা অনুষ্ঠানৰ পৰিকল্পনা কৰিছে দম্পতীহালে। ৰাঘৱৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছে দিল্লীত। তেওঁৰ আত্মীয়-স্বজন, আৰু বন্ধু-বান্ধৱীৰ অধিকাংশই ৰাজধানীৰ বাসিন্দা। গতিকে দিল্লীত অভ্যর্থনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে । অৱশ্যে এই অনুষ্ঠান দিল্লীত নহয়, গুৰুগ্ৰামৰ এখন বিলাসী হোটেলত অনুষ্ঠিত হ’ব ৷পৰিণীতাৰ পিতৃ-মাতৃ ইতিমধ্যে গুৰুগ্ৰামৰ ‘দ্য লীলা এম্বিয়েন্স’ হোটেললৈ গৈ ৰিচেপচন পাৰ্টিৰ মেনু চূড়ান্ত কৰিছে ৷ ৰাঘৱৰ মাক-দেউতাকও তাত উপস্থিত আছিল। দিল্লীৰ বাহিৰেও মুম্বাইত আয়োজন কৰা হৈছে অভ্যৰ্থনা পাৰ্টি। পৰিনীতি পেছাত বলীউডৰ অভিনেত্ৰী হোৱাৰ বাবে মনোৰঞ্জন জগতৰ তাৰকাসকলে মায়ানগৰীত অভ্যৰ্থনা অনুষ্ঠান আয়োজন কৰাটো স্বাভাৱিক। ইয়াৰ বাহিৰেও চণ্ডীগড়ত আন এক অভ্যৰ্থনা পাৰ্টিৰ আয়োজন কৰিবলৈ প্ৰস্তুতি চলাইছে ৷