কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে “মোডী” উপাধিক লৈ কৰা অপমানসূচক মন্তব্যৰ মানহানিৰ গোচৰত কাৰাদণ্ডৰ স্থগিত ৰখাৰ বাবে কৰা আবেদনৰ শুনানি অহা শুকুৰবাৰে (২১ জুলাই) উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব। মঙলবাৰে এই কথা প্ৰকাশ কৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বিচাৰপীঠে। ৰাহুলৰ অধিবক্তা অভিষেক মনু সিংভীয়ে শুকুৰবাৰ বা সোমবাৰে এই গোচৰৰ শুনানি গ্ৰহণৰ বাবে উচ্চতম ন্যায়ালয়ত আর্জি দিছিল ৷মঙলবাৰে মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়, ন্যায়াধীশ পি এছ নৰসিং আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে এই আবেদন গ্ৰহণ কৰে।
গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হেমন্ত প্ৰচ্চাকৰ বিচাৰপীঠে ‘ফৌজদাৰী মানহানি’ গোচৰত দোষী সাব্যস্ত হোৱা ৰাহুলক ২৩ মাৰ্চত চুৰাট দণ্ডাধীশ আদালতে দিয়া দুবছৰৰ কাৰাদণ্ডৰ স্থগিত ৰখাৰ বাবে যোৱা ৭ জুলাইত ৰাহুলৰ আবেদন খাৰিজ কৰে। চুৰাট সত্ৰ ন্যায়াধীশৰ আদালতেও গুজৰাট উচ্চ ন্যায়ালয়ৰ পূর্বে এই শাস্তি বাহাল ৰাখিছিল । শনিবাৰে ৰাহুলৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি ৰায়দানৰ স্থগিতাদেশ বিচাৰিছিল। আৱেদনখনত কোৱা হৈছে যে গুজৰাট উচ্চ ন্যায়ালয়ৰ ৭ জুলাইৰ ৰায়দান স্থগিত ৰখা নহ’লে বাক স্বাধীনতা, মত প্ৰকাশ, স্বতন্ত্ৰ চিন্তাৰ স্বাধীনতা কৰ্তনৰ পৰিৱেশৰ সৃষ্টি হ’ব।
২৩ মাৰ্চত গুজৰাটৰ চুৰাট দণ্ডাধীশ আদালতে কৰ্ণাটকৰ কোলাৰত ২০১৯ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত ৰাহুলক দুবছৰৰ কাৰাদণ্ড বিহে। গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে দাখিল কৰা ‘ফৌজদাৰী মানহানি’ গোচৰত ৰাহুল গান্ধীক জামিন মঞ্জুৰ কৰি ন্যায়াধীশগৰাকীয়ে ৰাহুল গান্ধীক উচ্চ ন্যায়ালয়ত আপীল কৰিবলৈ ৩০ দিনৰ সময় দিয়ে। ২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতৰ সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ৮(৩) অনুচ্ছেদ অনুসৰি, চুৰাট দণ্ডাধীশ আদালতৰ ৰায়ৰ ভিত্তিত ৰাহুলক সাংসদ হিচাপে বৰ্খাস্ত কৰে।