২০২৬ চনত কমনৱেলথ গেমছ অনুষ্ঠিত হ’বনে? এই প্ৰশ্ন উত্থাপন হৈছে খেলুৱৈৰ মনত। অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াই হঠাতে প্ৰতিযোগিতাখনৰ আয়োজন কৰাৰ পৰা আঁতৰি আহিছে ৷ তেওঁলোকে ব্যয় বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । এই পৰিস্থিতিত নতুন উদ্যোক্তা পোৱা যাব নে নহয় সেই লৈ সন্দেহ থাকে।
অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া ষ্টেটছৰ মুৰব্বী ডেনিয়েল এণ্ড্ৰুজে কয় যে এই খৰচ প্ৰথমতে প্ৰকাশ কৰাতকৈ বহু বেছি। এণ্ড্ৰুজে কয়, “প্ৰথমে গম পোৱা গ’ল যে কমনৱেলথ গেমছৰ আয়োজনত ১১ হাজাৰ কোটি টকা খৰচ হ’ব।কিন্তু পিছত ৩৯ হাজাৰ কোটিলৈ বৃদ্ধি পালে। এই টকা ১২ দিনীয়া প্ৰতিযোগিতা আয়োজন কৰিবলৈ বহুত বেছি। ইমান টকা খৰচ কৰাটো আমাৰ বাবে সম্ভৱ নহয়।“
এণ্ড্ৰুজে কয় যে তেওঁলোকে আন কোনো খণ্ডৰ ধনেৰে কমনৱেলথ গেমছৰ আয়োজন নকৰে। তেওঁ কয়, ‘যোৱা বছৰ কমনৱেলথ কমিটীক শেষ মুহূৰ্তত এজন সংগঠকৰ প্ৰয়োজন হৈছিল। কোনেও আগ্ৰহ প্ৰকাশ কৰা নাছিল। আমি আগবাঢ়ি আহিলোঁ। কিন্তু মই ভবা নাছিলো যে খৰচ ইমান পিছত বৃদ্ধি পাব। আমি কোনো কাৰণতে শিক্ষা বা স্বাস্থ্য সেৱাৰ মূল্যত ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰিব নোৱাৰো।”
ভিক্টোৰিয়া আঁতৰি যোৱাৰ পিছত এতিয়ালৈকে আগ্ৰহ প্ৰকাশ কৰা অষ্ট্ৰেলিয়াৰ আন একমাত্ৰ চহৰখনেই হৈছে পাৰ্থ। অৱশ্যে পাৰ্থৰ মেয়ৰ বেচিল জেম্পিলাছে স্পষ্ট কৰি দিছে যে তেওঁলোকে যিমান বিচাৰে সিমান খৰচ কৰিব নোৱাৰে। বেচিলে কয় “ আমি কিমান টকা খৰচ কৰিব পাৰো কমনৱেলথ কমিটীক অৱগত কৰিম। লগতে খেলখন ক’ত খেলা হ’ব সেই বিষয়েও অৱগত কৰিম। যদি কমিটীয়ে ইয়াক আয়োজন কৰাটো সম্ভৱ বুলি অনুভৱ কৰে, তেন্তে আমাৰ কোনো সমস্যা নাই।”
ইয়াৰ পূৰ্বেও কমনৱেলথ কমিটীয়েও একে সমস্যাৰ সন্মুখীন হৈছিল। দক্ষিণ আফ্ৰিকাৰ ডাৰবানক ২০২২ চনৰ প্ৰতিযোগিতাখন আয়োজনৰ দায়িত্ব দিয়া হৈছিল। কিন্তু ২০১৭ চনত ডাৰবানে সংগঠনৰ দায়িত্ব ল’লে। কাৰণ তেওঁলোকে প্ৰতিশ্ৰুতি অনুসৰি প্ৰস্তুতি চলাব পৰা নাছিল। তেতিয়াই বাৰ্মিংহাম আগবাঢ়ি আহিল। তাত কমনৱেলথ গেমছৰ আয়োজন কৰিবলৈ ব্ৰিটিছ চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াইছিল।