উত্তৰাখণ্ডৰ ‘নমামি গংগে’ প্ৰকল্পৰ ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত কমেও ১৫ জন লোকৰ মৃত্যু হৈছে ৷ ইয়াৰে অধিকাংশই শ্ৰমিক। আন বহু লোক আহত হয় এই ঘটনাত । এজন আৰক্ষীৰো মৃত্যু হয়। ইয়াৰ উপৰিও পিপালকোটিৰ আউটপোষ্ট ইনচাৰ্জে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে। আটাইকেইজনেই ‘নমামী গংগে’ প্ৰকল্পৰ সৈতে জড়িত আছিল।
উত্তৰাখণ্ডৰ চামোলী জিলাত বুধবাৰে পুৱা ‘নমামি গংগে’ প্ৰকল্পৰ কামৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল। উদ্ধাৰৰ কাম চলি আছে। চামোলী আৰক্ষীৰ অধীক্ষক পৰমেন্দ্ৰ ডোভালে জানিবলৈ দিয়া মতে, আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পূষ্কৰ সিং ধামীয়ে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে। তেওঁ দূর্ঘটনাস্থলী পৰিদর্শন কৰিব বুলি জানিব পৰা গৈছে ৷ উত্তৰাখণ্ডৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান সংবাদ সংস্থা এএনআইক জনোৱা মতে, “এজন আৰক্ষী উপ-পৰিদৰ্শক আৰু ৫জন গৃহৰক্ষীকে ধৰি ১৫ জন লোকৰ মৃত্যু হৈছে। তদন্ত অব্যাহত আছে। প্ৰাথমিক তদন্ত অনুসৰি সেই স্থানত থকা লোহাৰ ৰেলিঙৰ বিদ্যুতৰ সংস্পৰ্শৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। অৱশ্যে তদন্তৰ অন্তত বিষয়টো বিতংভাৱে জানিব পৰা যাব।“