মণিপুৰৰ নংপোক ছেকমাই থানাক কেন্দ্ৰীয় চৰকাৰে ‘দেশৰ শ্ৰেষ্ঠ থানা’ হিচাপে ঘোষণা কৰিছিল। আৰু সেই থানাৰএক কিলোমিটাৰৰ ভিতৰত মণিপুৰৰ দুগৰাকী মহিলাক কাপোৰ খুলি ৰাজপথত সমদল কৰি দলবদ্ধ ধৰ্ষণ কৰা হ’ল। গুগল আৰ্থৰ তথ্য অনুসৰি থৌবাল জিলাৰ নংপোক ছেকমাই থানাৰ পৰা মাত্ৰ ৮৫০ মিটাৰ দূৰত্বত, বি ফৈনাম গাঁৱৰ সমীপত এই ঘটনা সংঘটিত হৈছে। “ইণ্ডিয়া টুডে”য়েও অন্তৱৰ্তীকালীন তদন্তৰ অন্তত এই কথা দাবী কৰিছে। ২০২০ চনত নংপোক ছেকমাই থানাক কেন্দ্ৰৰ দ্বাৰা ‘দেশৰ শ্ৰেষ্ঠ আৰক্ষী থানা’ হিচাপে নিৰ্বাচিত কৰা হৈছিল ৷
প্ৰতি বছৰে দেশৰ শ্ৰেষ্ঠ থানাসমূহ কেন্দ্ৰীয় চৰকাৰে বাছনি কৰে। সেই নিৰ্বাচন বিভিন্ন সূচকৰ ওপৰত ভিত্তি কৰি কৰা হয়। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ ওপৰত হোৱা অত্যাচাৰ ৰোধৰ ক্ষেত্ৰত থানাৰ ভূমিকাৰ ওপৰত নিৰ্ভৰ কৰি আটাইতকৈ ‘সক্ষম’ থানাখনক সৰ্বোত্তম উপাধি দিয়া হয়। সেই অনুসৰি ২০২০ চনত নংপোক ছেকমাই থানাক কেন্দ্ৰৰ দ্বাৰা ‘দেশৰ শ্ৰেষ্ঠ আৰক্ষী থানা’ হিচাপে বাছনি কৰা হয়।
প্ৰসংগক্ৰমে বুধবাৰে ছ’চিয়েল মিডিয়াত বিয়পি পৰা মণিপুৰৰ এটা ভিডিঅ’ই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভিডিঅ’টোত দুগৰাকী মহিলাক উলংগ কৰি উন্মাদ লোকৰ এটা দলে সমদল কৰি নিয়া দেখা গৈছিল । আনহাতে, মহিলা দুগৰাকীৰ ভিতৰত এগৰাকীক দলবদ্ধ ধৰ্ষণ কৰা বুলিও অভিযোগ উত্থাপন হৈছে। মণিপুৰ আৰক্ষীয়ে দাবী কৰা মতে, এই ঘটনা যোৱা ৪ মে’ত সংঘটিত হৈছিল ৷
ইতিমধ্যে ৪ মে’ত হোৱা ভয়ংকৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰিছে ভুক্তভোগী এগৰাকী মহিলাই ৷ তেওঁ দাবী কৰে যে সেইদিনা দুস্কৃতিকাৰীয়ে তেওঁলোকক হত্যাৰ ভাবুকি দি ৰাজহুৱা স্থানত কাপোৰ খুলিবলৈ বাধ্য কৰাইছিল। সেই ঘটনাত ভুক্তভোগীয়ে ১৮ মে’ত ছৈকুল থানাত ‘জিৰ’ এফআইআৰ’ দাখিল কৰি হত্যা আৰু ধৰ্ষণকে ধৰি একাধিক অভিযোগ উত্থাপন কৰে। ৮০০ৰ পৰা ১০০০ অচিনাক্ত অস্ত্ৰধাৰী অপৰাধীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল। কিন্তু ছ’চিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল নোহোৱালৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উঠিছে।