কিয় ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল কৰমণ্ডল এক্সপ্ৰেছ! ৰে’ল সুৰক্ষা আয়ুক্তৰ প্রতিবেদন পুনৰীক্ষণ কৰাৰ পাছত চৰকাৰে প্রথমবাৰৰ বাবে বিতংভাৱে এই দুর্ঘটনাৰ কাৰণ প্রকাশ কৰে৷ চিপিএম ৰাজ্যসভাৰ সাংসদ জন ব্ৰিটছে এই দুৰ্ঘটনাৰ কাৰণক লৈ প্ৰশ্ন উত্থাপন কৰে। সেই প্ৰশ্নৰ উত্তৰত প্ৰতিবেদনৰ উদ্ধৃতি দি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণবে কয় যে সংকেত ভুলৰ বাবেই এই দুর্ঘটনা সংঘটিত হৈছিল। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ষ্টেচনৰ উত্তৰ সংকেত কক্ষত ‘ইলেক্ট্ৰিক লিফটিং বেৰিয়াৰ’ ডিভাইচ অৰ্থাৎ মটৰচালিত লিফটিং ৰেলগেট সলনি কৰিবলৈ সংকেতৰ কাম চলি আছে। সেইবাবেই সংকেত ভুল হয়। যাৰ ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা।
অশ্বিনীয়ে কয় যে চিগনেল ভুলৰ ফলত ভুল লাইনত গ্ৰীণ চিগনেল দেখুওৱা হৈছিল । ফলত ৰেল আৰু মালবাহী গাড়ীৰ সংঘৰ্ষ হয়। ৰে’ল মন্ত্ৰীগৰাকীয়ে এই ঘটনাক ৰে’ল কৰ্তৃপক্ষৰ ‘ভুল আৰু গাফিলতি’ আছে বুলিও উল্লেখ কৰে। আনহাতে, কৰমণ্ডল দুৰ্ঘটনাত মৃত্যু হোৱা ৪১ জন যাত্ৰীক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই বুলিও চৰকাৰে অৱগত কৰিছে। কিন্তু সাংসদ ব্ৰিটিছে বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো চৰকাৰে বিগত তিনি বছৰত একেধৰণৰ চিগনেল বিকলতাৰ কোনো তথ্য প্ৰকাশ কৰা নাই।
মন কৰিবলগীয়া যে কৰমণ্ডল দুর্ঘটনাত ৰে’লৱেই প্ৰথমে ৰে’লৱে সুৰক্ষা আয়ুক্ত (দক্ষিণ-পূব চক্ৰ) এ এম চৌধুৰীক তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল। জুলাই মাহৰ প্ৰথম সপ্তাহত তেওঁ দাখিল কৰে প্ৰতিবেদন। এই ঘটনাৰ তদন্তৰ দায়িত্বও চিবিআইক ন্যস্ত কৰে ৰে’লৱেই। সেই প্ৰতিবেদন এতিয়াও উপলব্ধ হোৱা নাই। অৱশ্যে ওড়িশাত সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাৰ তদন্ত কৰি থকা অৱস্থাত চিবিআইয়ে তিনিজন ৰে’ল কৰ্মচাৰী — অৰুণ কুমাৰ মহন্ত, মহম্মদ আমিৰ খান আৰু পাপ্পু কুমাৰক গ্ৰেপ্তাৰ কৰিছে। চিবিআইৰ সূত্ৰ অনুসৰি সেই তিনিজন লোকৰ বিৰুদ্ধে অনাকাংক্ষিত হত্যাৰ অভিযোগত তদন্ত আৰম্ভ কৰা হৈছে। সম্প্ৰতি ন্যায়িক জিম্মাত আছে অভিযুক্তসকল। তেওঁলোকৰ গোচৰৰ পৰৱৰ্তী শুনানি ২৭ জুলাইত নিৰ্ধাৰণ কৰা হৈছে। এই ঘটনাত ২৯৩ জন লোকৰ মৃত্যু হয়। আহত হৈছে হাজাৰৰো অধিক লোক। বিগত দুটা দশকৰ ভিতৰত এইটোৱেই আছিল দেশৰ সৰ্ববৃহৎ ৰেল দুৰ্ঘটনা।