বয়সে ৭০ৰ ঘৰ অতিক্ৰম কৰিলেও অনুৰাগীৰ সংখ্যা এতিয়াও কম হোৱা নাই জীনত আমানৰ । শেহতীয়াকৈ জিনাত আমানে ইনষ্টাগ্ৰামত আত্মপ্ৰকাশ কৰি যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল। এইবাৰ প্ৰবীন অভিনেত্ৰী গৰাকী পুনৰ হিন্দী ছবিলৈ ওভতি আহিছে ৷
২০১৯ চনত মুক্তি পোৱা আৰু আশুতোষ গোৱাৰিকেৰৰ পৰিচালনাত নিৰ্মিত পানীপথ ছবিত জিনাতে ছাকিনা বেগমৰ চৰিত্ৰত অভিনয় কৰিছিল। পাঁচ বছৰৰ বিৰতিৰ পিছত পুনৰ কেমেৰাৰ সন্মুখত শ্বট দিব এইগৰাকী প্ৰবীণ অভিনেত্ৰীয়ে। সূত্ৰ অনুসৰি জিনাতে পৰিচালক ফৰাজ আৰিফ আনছাৰীৰ ছবি ‘বান টিক্কি’ত বিশেষ চৰিত্ৰত অভিনয় কৰিব। ছবিখনত অভিনয় কৰিছে অভয় দেউল আৰু শ্বাবন আজমীয়ে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি ছবিখন মূলতঃ পিতৃ-মাতৃ আৰু সন্তানৰ সম্পৰ্কক কেন্দ্ৰ কৰিয়েই নির্মাণ কৰা হ’ব। তাত অভয়ে পিতৃৰ চৰিত্ৰত অভিনয় কৰিব। সন্তানৰ বাবে অভিনেতাৰ সন্ধানত আছে নির্মাতা। অৱশ্যে জিনাত আৰু শ্বাবানাই অভিনয় কৰা চৰিত্ৰ দুটা এই ছবিখনৰ গুৰুত্বপূৰ্ণ অংশ। অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ স্ক্ৰিপ্ট ভাল পাইছিল। ডিজাইনাৰ মনীষ মালহোত্ৰাই এই ছবিখন প্ৰযোজনা কৰিছে।
নিৰ্মাতাসকলে অহা নৱেম্বৰ মাহত হিমাচল প্ৰদেশত এই ছবিখনৰ শ্বুটিং আৰম্ভ কৰিব । ১৯৭১ চনত জিনাতৰ যাত্ৰা আৰম্ভ হৈছিল ‘হৰে ৰাম হৰে কৃষ্ণ’ ছবিৰ পৰা। ইয়াৰ পিছত জীনাতে ‘যাদো কি বাৰাত’, ‘ৰোতি কপৰা ঔৰ মকান’, ‘সত্যম শিৱম সুন্দৰম’ আদি ছবিত ধুমুহাৰ সৃষ্টি কৰে। তেওঁৰ শাৰীৰিক আকৰ্ষণত সেই সময়ৰ দৰ্শক আপ্লুত হৈছিল।