উত্তৰাখণ্ডত ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ ফলত গংগাৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। গংগাৰ জলপৃষ্ঠই অতিক্ৰম কৰিছে বিপদসীমা ৷ হৰিদ্বাৰ জিলা প্ৰশাসনৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে বিগত কিছুদিন ধৰি ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে গংগাৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। সোমবাৰে জলপৃষ্ঠই বিপদৰ সীমা অতিক্ৰম কৰে ৷ফলত গংগাৰ পাৰৰ অঞ্চলবোৰ প্লাৱিত হোৱাৰ আশংকা কৰা হৈছে ।
প্ৰশাসনিক বিষয়াগৰাকীয়ে কয় যে হৰিদ্বাৰৰ গংগাৰ বিপদৰ মাত্ৰা ২৯৩ মিটাৰ। কিন্তু সোমবাৰে নিশা ৯ বজালৈকে সেই সীমা অতিক্ৰম কৰি ২৯৩.২৫ মিটাৰত উপনীত হয়। ফলত নিম্নভূমি অঞ্চলত পুনৰ প্লাৱিত হোৱাৰ আশংকা কৰা হৈছে ৷ উত্তৰাখণ্ডত বৰষুণ আৰু ভূমিস্খলনে জনজীৱন ব্যাহত কৰিছে । প্ৰতিদিনে খহনীয়াত বন্ধ হৈ পৰিছে পথ ৷ একে সময়তে নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে পুনৰ আতংকিত হৈছে ৰাইজ ৷
চলিত মাহৰ মাজভাগত ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰাখণ্ডৰ বহু জিলাত বানপানীৰ সৃষ্টি হয়। অলকানন্দা, গংগা বিপদ ৰেখাৰ ওপৰেৰে বৈ আছিল। অলকানন্দা বান্ধৰ পৰা নিৰ্গত পানীয়ে দেৱপ্ৰয়াগ আৰু হৰিদ্বাৰৰ বহু অঞ্চল বুৰাই পেলায় ৷য’ত গংগাৰ জলপৃষ্ঠই অতিক্ৰম কৰে বিপদসীমা ৷সেই সময়ত গংগাৰ জলপৃষ্ঠ ৪৬৩.২০ মিটাৰলৈ বৃদ্ধি পাইছিল। যাৰ বাবে গংগাৰ পাৰৰ সংগম ঘাট, ৰামকুণ্ড, ধনেশ্বৰ ঘাট, ফুলাৰী ঘাট ডুব গৈছিল। সেই সময়ত অলকানন্দা বান্ধৰ পৰা ২-৩ হাজাৰ কিউচেক পানী এৰি দিয়া হৈছিল।
পাহাৰীয়া অঞ্চলত হোৱা বৰষুণৰ বাবে পুনৰ গংগাৰ জলপৃষ্ঠ বৃদ্ধি পোৱা বুলি হৰিদ্বাৰ জিলা প্ৰশাসনে জানিবলৈ দিয়ে। ইতিমধ্যে নদীৰ পাৰৰ অঞ্চলৰ বাসিন্দাসকলক সকীয়াই দিয়া হৈছে। গংগাৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে উত্তৰ প্ৰদেশৰ বহু অঞ্চলতো বানপানীৰ ভাবুকি আহি পৰিছে। ৰাজ্যখনৰ জলসিঞ্চন বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে হৰিদ্বাৰত গংগা বিপদসীমাৰ ওপৰেৰে বৈ যোৱাৰ বাবে উত্তৰ প্ৰদেশৰ কেইবাখনো জিলা ক্ষতিগ্ৰস্ত হ’ব পাৰে। বিশেষকৈ বিজনোৰ, মুজাফ্ফৰনগৰ আৰু নিম্নভূমি অঞ্চল প্লাৱিত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে।