নৰেন্দ্ৰ মোডী চৰকাৰে বিৰোধীৰ দখলত থকা ৰাজ্যক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও বিজেপিৰ দখলত থকা ৰাজ্যক লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উচ্চতম ন্যায়ালয়ে মন্তব্য কৰিছে ৷
উচ্চতম ন্যায়ালয়ে নাগালেণ্ডৰ সাধাৰণ নিৰ্বাচনত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়ে। কিন্তু সেই নির্দেশ কার্যকৰী নকৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আদালত অৱমাননাৰ গোচৰ ৰুজু হৈছে ৷ ন্যায়াধীশ এছ কে কৌলৰ নেতৃত্বত এখন বিচাৰপীঠেও আজি গোচৰৰ শুনানিত কেন্দ্ৰক উদ্দ্যেশি কয়, “অপোনালোকে নিজৰ দলৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে? বিৰোধী দলৰ অধীনস্থ ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধে আপুনি চৰম স্থিতি গ্ৰহণ কৰে। কিন্তু নিজৰ দলৰ অধীনত থকা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে?”
ন্যায়াধীশ কৌলে কয়, “সমাজৰ পিছপৰা শ্ৰেণীৰ বিকাশৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। মহিলাৰ বাবে সংৰক্ষণো সেই ধাৰণাটোৰ সৃষ্টি । সংবিধানত থকা বিষয় কেনেকৈ আপোনালোকে অস্বীকাৰ কৰে? শিক্ষা, আৰ্থিক উন্নতি আৰু মহিলাৰ সামাজিক মৰ্যাদাৰ ক্ষেত্ৰত নাগালেণ্ড অন্যতম আগশাৰীৰ ৰাজ্য। তাত মহিলাৰ বাবে সংৰক্ষণ কাৰ্যকৰী কৰাত কি সমস্যা হৈছে আমি বুজি নাপাওঁ।”
আনহাতে, আন এটা নিৰ্বাচনী গোচৰত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে ভোটাৰৰ প্ৰাৰ্থীৰ সকলো তথ্য জনাৰ অধিকাৰ আছে। ২০১৯ চনত তেলেংগানাৰ জহিৰাবাদ সমষ্টিৰ পৰা ভীমৰাও বসৱন্ত ৰাও পাটিল নিৰ্বাচিত হৈছিল। নিৰ্বাচনী শপতনামাত পাটিলে তেওঁৰ বিৰুদ্ধে চলি থকা কেইবাটাও গোচৰৰ সবিশেষ প্ৰকাশ নকৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী গোচৰ ৰুজু কৰা হয়। তেলেংগানা উচ্চ ন্যায়ালয়ত দাখিল কৰা গোচৰ খাৰিজ কৰিবলৈ পাটিলে উচ্চতম ন্যায়ালয়ত আবেদন জনায়।
আজি ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভট্ট আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰৰ বিচাৰপীঠৰ মতে, “বিভিন্ন আদালতৰ ৰায়ৰ জৰিয়তে ভোটাৰসকলে প্ৰাৰ্থীৰ বিষয়ে সম্পূৰ্ণ তথ্য জনাৰ অধিকাৰ লাভ কৰিছে ৷ ই আমাৰ সাংবিধানিক আইনৰ এক গুৰুত্বপূৰ্ণ অংশ। ন্যায়াধীশসকলৰ মতে, “সকলো তথ্য জানি ভোটদানৰ অধিকাৰ গণতন্ত্ৰৰ মৌলিক ধাৰণাটোৰ এক গুৰুত্বপূৰ্ণ অংশ। স্বাধীনতা আৰু স্বৰাজৰ বাবে দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফলত নাগৰিকে এই ভোটাধিকাৰ লাভ কৰিছিল। এই কথা সংবিধানৰ ৩২৬ নং অনুচ্ছেদত প্ৰতিফলিত হৈছে। কিন্তু ভোটাধিকাৰক এতিয়াও মৌলিক অধিকাৰৰ মৰ্যাদা দিয়া হোৱা নাই।