VOICE 24x7
Sunday, September 24, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিজেপি শাসিত ৰাজ্যত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় কিয়- প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 26, 2023
in আইন
বিজেপি শাসিত ৰাজ্যত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় কিয়-  প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

নৰেন্দ্ৰ মোডী চৰকাৰে বিৰোধীৰ দখলত থকা ৰাজ্যক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও বিজেপিৰ দখলত থকা ৰাজ্যক লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উচ্চতম ন্যায়ালয়ে মন্তব্য কৰিছে ৷

 

উচ্চতম ন্যায়ালয়ে নাগালেণ্ডৰ সাধাৰণ নিৰ্বাচনত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়ে। কিন্তু সেই নির্দেশ কার্যকৰী নকৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আদালত অৱমাননাৰ গোচৰ ৰুজু হৈছে ৷  ন্যায়াধীশ এছ কে কৌলৰ নেতৃত্বত এখন বিচাৰপীঠেও আজি গোচৰৰ শুনানিত  কেন্দ্ৰক উদ্দ্যেশি কয়, “অপোনালোকে নিজৰ দলৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে? বিৰোধী দলৰ অধীনস্থ ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধে আপুনি চৰম স্থিতি গ্ৰহণ কৰে। কিন্তু  নিজৰ দলৰ অধীনত থকা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে?”

 

ন্যায়াধীশ কৌলে কয়, “সমাজৰ পিছপৰা শ্ৰেণীৰ বিকাশৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। মহিলাৰ বাবে সংৰক্ষণো সেই ধাৰণাটোৰ সৃষ্টি । সংবিধানত থকা বিষয়  কেনেকৈ  আপোনালোকে  অস্বীকাৰ কৰে? শিক্ষা, আৰ্থিক উন্নতি আৰু মহিলাৰ সামাজিক মৰ্যাদাৰ ক্ষেত্ৰত নাগালেণ্ড অন্যতম আগশাৰীৰ ৰাজ্য। তাত মহিলাৰ বাবে সংৰক্ষণ কাৰ্যকৰী কৰাত কি সমস্যা হৈছে আমি বুজি নাপাওঁ।”

 

আনহাতে, আন এটা নিৰ্বাচনী গোচৰত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে ভোটাৰৰ প্ৰাৰ্থীৰ সকলো তথ্য জনাৰ অধিকাৰ আছে। ২০১৯ চনত তেলেংগানাৰ জহিৰাবাদ সমষ্টিৰ পৰা ভীমৰাও বসৱন্ত ৰাও পাটিল নিৰ্বাচিত হৈছিল। নিৰ্বাচনী শপতনামাত পাটিলে তেওঁৰ বিৰুদ্ধে চলি থকা কেইবাটাও গোচৰৰ সবিশেষ প্ৰকাশ নকৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী গোচৰ ৰুজু কৰা হয়। তেলেংগানা উচ্চ ন্যায়ালয়ত দাখিল কৰা গোচৰ খাৰিজ কৰিবলৈ পাটিলে উচ্চতম ন্যায়ালয়ত আবেদন জনায়।

 

আজি ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভট্ট আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰৰ বিচাৰপীঠৰ মতে, “বিভিন্ন আদালতৰ ৰায়ৰ জৰিয়তে ভোটাৰসকলে প্ৰাৰ্থীৰ বিষয়ে সম্পূৰ্ণ তথ্য জনাৰ অধিকাৰ লাভ কৰিছে ৷ ই আমাৰ সাংবিধানিক আইনৰ এক গুৰুত্বপূৰ্ণ অংশ। ন্যায়াধীশসকলৰ মতে, “সকলো তথ্য জানি ভোটদানৰ অধিকাৰ গণতন্ত্ৰৰ মৌলিক ধাৰণাটোৰ এক গুৰুত্বপূৰ্ণ অংশ। স্বাধীনতা আৰু স্বৰাজৰ বাবে দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফলত নাগৰিকে এই ভোটাধিকাৰ লাভ কৰিছিল। এই কথা সংবিধানৰ ৩২৬ নং অনুচ্ছেদত প্ৰতিফলিত হৈছে। কিন্তু ভোটাধিকাৰক এতিয়াও মৌলিক অধিকাৰৰ মৰ্যাদা দিয়া হোৱা নাই।

​

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

মণিপুৰক লৈ মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ বিৰোধী মিত্ৰজোঁট “ইণ্ডিয়া”- বি আৰ এছৰ

Related Posts

সাংবিধানিক ব্যর্থতা- চৰকাৰে ব্যৱস্থা নল’লে আমি ল’বলৈ বাধ্য হ’ম- মণিপুৰত দুই যুৱতীক উলংগ কৰি সমদল উলিওৱা ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি
আইন

নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত ১৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ত হ’ব পৰৱৰ্তী শুনানি

September 20, 2023
ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ
আইন

মণিপুৰৰ উত্তপ্ত পৰিস্থিতিকলৈ চিবিআইৰ গোচৰ, ৰাজ্যৰ তিনি আদালতত হ’ব শুনানি

September 1, 2023
৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে বহু গোচৰ, বুধবাৰৰ পৰা উচ্চতম ন্যায়ালয়ত ধাৰাবাহিক শুনানি
আইন

মণিপুৰ হিংসাৰ চিবিআইৰ সকলো গোচৰৰ শুনানি গুৱাহাটীৰ আদালতত গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 25, 2023
ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ
আইন

ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ

August 24, 2023
অভিনেত্ৰী জয়াপ্ৰদাক চেন্নাইৰ আদালতৰ ছমাহৰ কাৰাদণ্ডৰ শাস্তি, কি অপৰাধ কৰিলে অভিনেত্ৰী গৰাকীয়ে !!
আইন

অভিনেত্ৰী জয়াপ্ৰদাক চেন্নাইৰ আদালতৰ ছমাহৰ কাৰাদণ্ডৰ শাস্তি, কি অপৰাধ কৰিলে অভিনেত্ৰী গৰাকীয়ে !!

August 12, 2023
ৰাহুল গান্ধীৰ শাস্তি বাহাল ৰখা ন্যায়াধীশক গুজৰাটৰ পৰা পাটনা উচ্চ ন্যায়ালয়লৈ বদলি  উচ্চতম ন্যায়ালয়ৰ
আইন

ৰাহুল গান্ধীৰ শাস্তি বাহাল ৰখা ন্যায়াধীশক গুজৰাটৰ পৰা পাটনা উচ্চ ন্যায়ালয়লৈ বদলি উচ্চতম ন্যায়ালয়ৰ

August 11, 2023
Next Post
মণিপুৰক লৈ মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ বিৰোধী মিত্ৰজোঁট “ইণ্ডিয়া”- বি আৰ এছৰ

মণিপুৰক লৈ মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ বিৰোধী মিত্ৰজোঁট “ইণ্ডিয়া”- বি আৰ এছৰ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7