দেশৰ অন্যতম জনপ্ৰিয় আৰু সফল ক্ৰিকেট তাৰকা মহেন্দ্ৰ সিং ধোনি । বাইশ গজত একাধিক নজিৰ গঢ়িছে তেওঁ ৷ ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে। ক্ৰিকেট জগতৰ তাৰকা হোৱাৰ পিছতো ধোনী সদায় অন্তৰ্মুখী চৰিত্ৰৰ । অৱসৰৰ পিছত তেওঁ লাইমলাইটৰ পৰা আৰু আঁতৰি গ’ল। শেহতীয়াকৈ তেওঁৰ পত্নী সাক্ষী সিং ধোনীয়ে মনোৰঞ্জনৰ জগতখনত প্ৰৱেশ কৰিছে । সাক্ষীয়ে তামিল ছবি ‘এল জি এম (লেটছ গেট মেৰিড)’ৰ জৰিয়তে প্ৰযোজক হিচাপে অভিষেক ঘটাব। পত্নী প্ৰডাকচনত ব্যস্ত, কিন্তু ধোনিকো সোনকালে ডাঙৰ পৰ্দাত দেখা যাব নেকি ?
ধোনিৰ অনুৰাগীৰ সংখ্যা কম নহয়। তেওঁলোকৰ এটা বৃহৎ অংশই ৰূপালী পৰ্দাত ধোনিক চাব বিচাৰে। কিন্তু ধোনিয়ে কি বিচাৰে? পত্নী সাক্ষীয়ে সেই প্ৰশ্নৰ উত্তৰ দিছে । শেহতীয়াকৈ এক সাক্ষাৎকাৰত সাক্ষীয়ে কয় যে অদূৰ ভৱিষ্যতে ধোনিক চিনেমাৰ পৰ্দাত দেখা যাব পাৰে ৷ সাক্ষীয়ে কয় –“ ধোনি কেমেৰাৰ সন্মুখত বৰ সাৱলীল। গতিকে যদি ভাল চিত্ৰনাট্য আৰু চৰিত্ৰত কাম কৰাৰ অফাৰ পায় তেন্তে অভিনয়ৰ কথা ভাবিব পাৰে।“ ধোনিয়ে কেমেৰাৰ সন্মুখলৈ যাবলৈ ভয় নকৰে বা লাজ নকৰে বুলি সাক্ষীয়ে কয়। ঠিক কেনেধৰণৰ ছবিত দেখা যাব পাৰে ধোনিক ?সাক্ষীয়ে কয় “একচন! ধোনী সদায় সেই আমেজত থাকে।” অৱশ্যে ‘এল জি এম’ৰ পৰিচালক আৰু ধোনীৰ বহু অনুৰাগীয়ে মাহীক ছুপাৰহিৰোৰ চৰিত্ৰত চাবলৈ আগ্ৰহী।
সাক্ষীয়ে এখন তামিল ছবি নিৰ্মাণ কৰি মনোৰঞ্জন জগতত আত্মপ্ৰকাশ কৰিছে ৷ ‘চেন্নাই ছুপাৰ কিংছ’ৰ সৌজন্যত তামিলনাডুৰ সৈতে ধোনীৰ আধ্যাত্মিক সম্পৰ্ক আছে বুলি দাবী কৰিছে সাক্ষীয়ে । গতিকে মাহীয়ে প্ৰথমে নিজৰ তামিল অনুৰাগীসকলৰ আগত এখন ছবি উপস্থাপন কৰিব বিচাৰিছিল। অহা ২৮ জুলাইত ছবিগৃহত মুক্তি পাব ‘এল জি এম (লেটছ গেট মেৰিড)’ ছবিখন।