মণিপুৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰমথাংগাক ‘অনুৰোধ’ কৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে। শেহতীয়াকৈ মণিপুৰৰ কুকি জনগোষ্ঠীৰ প্ৰতি সমর্থন আগবঢ়াই মিজোৰামৰ আইজলত শোভাযাত্ৰা উলিওৱা হয়। সেই শোভাযাত্ৰাত মুখ্যমন্ত্ৰী জোৰমথাংগাও উপস্থিত আছিল। অভিযোগ অনুসৰি সেই শোভাযাত্ৰাত মণিপুৰৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক শব্দ আৰু শ্লোগান ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পাছতে এব বীৰেণ সিঙে দিয়া ‘পৰামৰ্শ’ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
বুধবাৰে কাৰ্গিল বিজয় দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে বীৰেণ সিং। তাত তেওঁ কয় “মই মিজেৰামৰ মুখ্যমন্ত্ৰীক আহ্বান জনাম যাতে আন ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰে।” মুখ্যমন্ত্ৰী গৰাকীৰ কথাৰ পৰা স্পষ্ট হৈ পৰিছে যে মণিপুৰৰ বিজেপি চৰকাৰ মিজোৰাম চৰকাৰৰ ভূমিকাক লৈ অসন্তুষ্ট। প্ৰসংগক্ৰমে কুকি আৰু মেইটেই জনগোষ্ঠীৰ সংঘাতৰ বাবে প্ৰায় তিনিমাহ ধৰি মণিপুৰ উত্তপ্ত হৈ আছে। সেই ৰাজ্যৰ পাহাৰীয়া অঞ্চলত বসবাস কৰা কুকি জনগোষ্ঠীয়ে বাৰে বাৰে বীৰেন সিঙক পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি আহিছে। আনহাতে কুকিসকল জাতিগতভাৱে মিজোৰামৰ মিজো জনগোষ্ঠীৰ সৈতে মিল আছে। মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছত মণিপুৰৰ প্ৰায় ১৩ হাজাৰ কুকি মিজোৰামত আশ্ৰয় লয়।
তেওঁৰ বিৰুদ্ধে উত্থাপিত পক্ষপাতিত্বৰ অভিযোগক খাৰিজ কৰি মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কয়, ‘যেতিয়াৰ পৰা ৰাজ্য চৰকাৰে ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে, তেতিয়াৰ পৰাই ৰাজ্যত উত্তেজনা সৃষ্টি হৈছে। “মণিপুৰ চৰকাৰে কুকিসকলক বিৰোধিতা কৰিব নিবিচাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে মণিপুৰ চৰকাৰ ৰাজ্যত বসবাস কৰা কুকীসকলৰ বিৰোধী নহয়। ৰাজ্যৰ অখণ্ডতা ধ্বংস কৰিবলৈ চেষ্টা কৰাসকলকো সকীয়াই দিয়ে বীৰেনে।