যোৱা কিছুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণ আৰু বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত নিশাটোৰ ভিতৰতে তেলেংগানাৰ এখন সম্পূৰ্ণ গাঁও ১৫ ফুট পানীৰ তলত ডুব যায় ৷ অৱশেষত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিৰোধ বাহিনী (এন ডি আৰ এফ) আৰু বায়ুসেনাৰ যৌথ প্ৰচেষ্টাত গাঁওখনৰ ১৯০০ বাসিন্দাক উদ্ধাৰ কৰা হয়।
ধাৰাসাৰ বৰষুণৰ ফলত তেলেংগানাৰ বহু জিলাত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বিপদ সীমা অতিক্ৰম কৰাৰ বাবে নদীৰ পানী বিভিন্ন অঞ্চলত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে। ৰাজ্যৰ জয়শংকৰ ভূপালপল্লী জিলাত আটাইতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে । এই জিলাৰ মোৰাঞ্চপল্লী গাঁওখন নিশাটোৰ ভিতৰতে ১৫ ফুট পানীত ডুব যায় । কোনোৱে গছৰ ওপৰত, কোনোবাই ছাদত আশ্ৰয় লৈ জীৱন বচাবলগীয়া হয় ।
এজন স্থানীয় লোকে কয় “এই জিলাখনত দুদিন ধৰি প্ৰচণ্ড বৰষুণ দি আছে। মৰাঞ্চপল্লীৰ কাষেৰে এখন সৰু নদী মোৰাঞ্চপল্লী ভাগু বৈ আছে। ইতিমধ্যে বৰষুণৰ বাবে জলপৃষ্ঠ বৃদ্ধি পাইছে ৷ ইয়াৰ পিছত পানী গাঁৱত সোমাবলৈ ধৰিলে।“ লগতে তেওঁ কয় যে ২৬ জুলাইৰ নিশা হঠাতে পানী বাঢ়ি গৈ সমগ্ৰ গাঁওখন বুৰাই পেলাবলৈ আৰম্ভ কৰে। গোটেই ৰাতি গাঁৱৰ মানুহবোৰ উজাগৰে থাকিল। প্ৰতি মুহূৰ্ততে বাঢ়ি আহিছিল জলপৃষ্ঠ।
উদ্ধাৰকাৰীৰ ওচৰলৈ খবৰ পোৱাৰ সময়লৈকে গাঁওখন ১৫ ফুট পানীত বুৰ যায় । বায়ুসেনাৰ দুখন হেলিকপ্টাৰেও সহায়ৰ হাত আগবঢ়ায়। দ্ৰুত উদ্ধাৰ অভিযানৰ জৰিয়তে ১৯০০ গাঁওবাসীক নিৰাপদ স্থানলৈ লৈ যোৱা হয়। প্ৰশাসনৰ তথ্য অনুসৰি উদ্ধাৰ অভিযানৰ সময়ত দুজন লোকক বাঢ়নী পানীয়ে উটুৱাই লৈ যায়।
তেলেংগানাত যোৱা ২৪ ঘন্টাত ৬ জন লোকৰ মৃত্যু। ফলত ৰাজ্যত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে। বুধবাৰৰ পৰা মুলুগু, জয়শংকৰ ভূপালপল্লী, ভদ্ৰদ্ৰী কোঠাগুডেম, কৰিমনগৰ, হনুমানকোণ্ডা, আদিলাবাদ, ৱাৰংগল আৰু জাংগাওত ধাৰাসাৰ বৰষুণৰ ফলত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। এই জিলাসমূহত বুধবাৰৰ পৰা বৃহস্পতিবাৰৰ ভিতৰত ২৪ ঘণ্টাত ২৩০-৬০০ মিলিমিটাৰ বৰষুণ হয়।