আজিকালি সকলোৰে বাবে বিমান যাত্ৰা অতি সহজলভ্য হৈ পৰিছে ৷ কম সময় আৰু কম ব্যয়েৰে মানুহে বিমান যাত্ৰা কৰাও সহজ হৈ পৰিছে ৷কিয়নো বহু বিমান সংস্থাই কম ব্যয়েৰে বিমান টিকটৰ সুযোগ প্ৰদান কৰিছে। এই কাৰণতে আজিকালি বিমান যাত্ৰীৰ সংখ্যাও বহু বৃদ্ধি পাইছে। আনহাতে বিশ্বজুৰি বিমান চলাচলৰ বাবে বহুতো বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে৷
বিশ্বৰ বিভিন্ন ঠাইৰ বিমানবন্দৰৰ পৰা প্ৰতিদিনে বিশ্বৰ লাখ লাখ লোকে যাত্ৰা কৰা সম্ভৱ হৈ পৰিছে। আজি আমি আপোনালোকক জনাবলৈ ওলাইছো এনে কেইটামান বিমানবন্দৰৰ বিষয়ে যিবোৰত সৰ্বাধিক ৰাণৱে আছে। উল্লেখযোগ্য কথা যে এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতৰ দিল্লী বিমানবন্দৰৰ নাম ।
অ’হেৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ-
অ’হেৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে বিশ্বৰ ভিতৰতে সৰ্বাধিক দীঘলীয়া ৰাণৱে থকা প্ৰথমটো বিমানবন্দৰ। আমেৰিকাৰ ইলিনয় ৰাজ্যৰ আটাইতকৈ ডাঙৰ চহৰ চিকাগোত অৱস্থিত এই বন্দৰ । এই বিমানবন্দৰটোৱে আঠটা ৰাণৱেৰে এই তালিকাৰ শীৰ্ষত স্থান দখল কৰিছে।
ডালাছ ফ’ৰ্ট ৱৰ্থ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ-
১৯২৭ চনত নিৰ্মাণ কৰা হৈছিল ডালাছ ফ’ৰ্ট ৱৰ্থ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ । এই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত একেলগে তিনিখন বিমান অৱতৰণ কৰিব পাৰে। ৭টা ৰাণৱেৰে এই তালিকাৰ দ্বিতীয় স্থানত আছে ডালাছ-ফ’ৰ্ট ৱৰ্থ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ।
আমষ্টাৰডাম শ্বিফল বিমানবন্দৰ-
আমষ্টাৰডাম শ্বিফল বিমানবন্দৰ হ’ল নেদাৰলেণ্ডৰ মূল বিমানবন্দৰ। শ্বিফলৰ পৰা বিশ্বৰ ৩২৭টা গন্তব্যস্থানলৈ ১০৫খনতকৈও অধিক বিমান চলাচল কৰে, যাৰ ফলত ই বিশ্বৰ অন্যতম ব্যস্ত বিমানবন্দৰ হিচাপে পৰিগণিত হৈছে। ৬টা ৰাণৱে থকা আমষ্টাৰডাম শ্বিফল বিমানবন্দৰে এই তালিকাত তৃতীয় স্থান দখল কৰিছে। এই বিমানবন্দৰৰ বিশেষত্ব হ’ল যে ই সমুদ্ৰপৃষ্ঠৰ তলত অৱস্থিত।
ব’ষ্টন লগান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ-
ব’ষ্টন লগান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নিউ ইংলেণ্ডৰ আটাইতকৈ বৃহৎ বিমানবন্দৰ। ১৯২৩ চনত এই বিমান বন্দৰ মুকলি কৰা হয়। ৬টা ৰাণৱে থকা ব’ষ্টন লগান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ স্থান এই তালিকাৰ ছয় নম্বৰত আছে।
ডেনভাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ-
ডেনভাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হ’ল উত্তৰ আমেৰিকাৰ আটাইতকৈ বৃহৎ বিমানবন্দৰ। ১৯৯৫ চনত আনুষ্ঠানিকভাৱে জনসাধাৰণৰ বাবে মুকলি কৰা এই ডেনভাৰ বিমানবন্দৰৰ ৰাণৱে ১৬আৰ/৩৪এল বিশ্বৰ ভিতৰতে ৭ম দীঘলীয়া ৰাণৱে আৰু উত্তৰ আমেৰিকাৰ ই আটাইতকৈ দীঘল ৰাণৱে। মুঠ ৬টা ৰাণৱেৰ সৈতে ই দীঘলীয়া ৰাণৱেৰ বিমানবন্দৰ সমূহৰ এই তালিকাৰ পঞ্চম স্থানত আছে।
দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ-
আনহাতে চাৰিটা ৰাণৱে থকা ভাৰতৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। উল্লেখনীয় যে আগন্তুক সময়ত দিল্লী বিমানবন্দৰে প্ৰায় ১০ কোটি লোকক সামৰি ল’ব পাৰিব।