ঋতু পৰ্ণ শৰ্মা,নগাঁও,৩০জুলাই :–নগাঁও জিলাৰ স্মৃতি বিজড়িত বেবেজীয়াৰ সমীপৰ জামুগুৰি গাঁৱৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন গৰখীয়া থানত আয়োজিত “গৰখীয়া সৱাহ আৰু শৰাইৰ এদিন” মহোৎসৱটিৰ যোৱা ৩০জুলাই,ৰবিবাৰে সামৰণি পৰে । উল্লেখ্য যে প্ৰায় ৩৫২বছৰ অতিক্ৰম কৰা থানখনৰ এই মহোৎসৱ উদযাপন অঞ্চলটোৰ লগতে ৰাজ্যখনৰ ভক্তিমাৰ্গ আৰু কৃষ্টি-সংস্কৃতি বিকাশৰ এক পৰম্পৰা আৰু প্ৰয়াসৰ বাবেই গৰখীয়া মহাপ্ৰভুৱে ভকতৰ মনত নিজৰ মহিমা প্ৰকাশ কৰি অহাৰ ফলশ্ৰুতিত ৰাইজৰ মাজত বিশ্বাস দৃঢ় হৈছে ।
১৯৯৪চনৰ পৰাই থানখনত উদযাপন কৰি অহা “গৰখীয়া সৱাহ আৰু শৰাইৰ এদিন” মহোৎসৱটিয়ে চলিত বৰ্ষত ২৯সংখ্যক বৰ্ষত পদাৰ্পণ কৰিলে ।যোৱা ২৯জুলাই,শনিবাৰে মহোৎসৱৰ কাৰ্যসূচী অনুসৰি পুৱা ধেনুৰাম নাথ,পোনাৰাম নাথ,মাধৱ নাথ,সুৰেণ নাথ,টলৌ নাথ,ভূবন নাথ,গোলাপ নাথ আৰু প্ৰবীণ নাথৰ দ্বাৰা পৰিবেশ নিকাকৰণৰ অন্তত গৰখীয়া থানৰ মণিকূটত বন্তি প্ৰজ্বলন কৰে থানঘৰীয়া টংকেশ্বৰ নাথে । ইয়াৰ পাছতে ধৰ্মধ্বজা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰে ক্ৰমে উৎসৱ উদযাপন সমিতিৰ সভাপতি শুকুৰাম বৰুৱা আৰু শেনছোৱাৰ সমাজকৰ্মী পুস্পেন্দ্ৰ হাজৰিকাই । দিনৰ ১বজাত এফলীয়াবড়িৰ ভৱজিৎ শইকীয়াৰ কথা-সুৰ আৰোপিত আৰু জাজৰিৰ জিতু শ্ৰাৱনৰ দ্বাৰা কণ্ঠত “গৰখীয়া থানলৈ যাও” শীৰ্ষক গীতটি উন্মোচন কৰা হয় ।
গীতটি উন্মোচন কৰে প্ৰবীণ অনাতাঁৰ শিল্পী গম্ভীৰ নাথে । ইয়াৰ পাছতে নয়নাভিৰাম নামতি দলৰ গৰখীয়া ল’ৰা-ছোৱালীৰ দলে দিহানাম পৰিবেশন কৰে । বিয়লি ৩বজাত ভাগৱত পাঠ আৰু ব্যাখ্যা কৰা হয় । ভাগৱত পাঠ সৰাগাঁৱৰ অনিল নাথ,চৰাইবাহীৰ বুলন বৰদলৈ,সাপমাৰীৰ বাবলু নাথ আৰু বেবেজীয়াৰ বিনন্দ বৰদলৈ তথা ব্যাখ্যা কৰে বিশ্বনাথ চাৰিআলিৰ বিনীত বৰা আৰু মায়ঙৰ ধ্ৰৱজ্যোতি ডেকাই । সন্ধ্যা বন্তি প্ৰজ্বলন কৰা হয় । নিশা ভাগৱত পাঠৰ সামৰণি পৰে । ৩০ জুলাই,ৰবিবাৰে পুৱা পৰিবেশ নিকাকৰণৰ অন্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ সেৱকীসকলে আগবঢ়োৱা শৰাই উচৰ্গা কৰা হয় । মহোৎসৱ উদযাপন সমিতিৰ সম্পাদক অনিল নাথে জনোৱা মতে এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পাঁচ শতাধিক ব্যক্তিয়ে শৰাই-নৈবদ্য আগবঢ়ায় ।
দিনৰ ১২বজাত ৰুহিত নাথ বৰবায়ন,বীৰেণ নাথ গায়ন,চম্পেশ্বৰ নাথ বায়ন আৰু হেমকান্ত নাথ গায়নৰ দ্বাৰা খোল-নাম প্ৰসংগ কৰা হয় । বিয়লি ১বজাত দীঘলদৰিৰ সন্মিলিত নামতি দলে মহানাম পৰিবেশন কৰে । সন্ধ্যা সমূহীয়া ঘোষাৰে মহোৎসৱৰ সামৰণি মৰা হয় । উল্লেখ্য যে দুয়োদিনৰ কাৰ্যসূচীৰ সময়চোৱাত জামুগুৰি গাঁওখনত গৰখীয়া কৃষ্ণৰ চৰণ বন্দনাৰে ভক্তিৰসৰ নিজৰা বোৱাই হৰিনামৰ ধ্বনিৰে অঞ্চলটোৰ চৌদিশ মুখৰিত কৰি তোলে । সাৰ্বজনীন গৰখীয়া থানখনত “গৰখীয়া সৱাহ আৰু শৰাইৰ এদিন”ৰ লগতে “দৌলোৎসৱ” আৰু “মাঘ বিহুৰ উৰুকাৰ নিশা” উদযাপন কৰি অহা হৈছে ।