ভূমিৰ বিনিময়ত চৰকাৰে বিনামূলীয়া বিদ্যুৎ সেৱাৰ প্ৰতিশ্ৰুতি দিছিল। ৩০ বছৰে গাঁওবাসীয়ে লাভ কৰি আহিছে সেই সেৱা । এতিয়া চৰকাৰী সিদ্ধান্ত সলনি হৈছে! নতুন ট্ৰেন্সফৰ্মাৰ গাওঁখনত সংস্থাপন কৰা হৈছে ৷ এতিয়াৰ পৰা বিনামূলীয়াকৈ বিদ্যুৎ নাপাব নেকি গাওঁবাসীয়ে ! গাঁওবাসীৰ মনত তেনে চিন্তাই আহিবলৈ ধৰিছে ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে মুৰ্ছিদাবাদৰ ফাৰক্কা থাৰ্মেল পাৱাৰ ষ্টেচনৰ গাতে লাগি থকা সমগ্ৰ আধোয়া গাঁওখনতে ক্ষোভৰ সৃষ্টি হয় ৷
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, এই সপ্তাহতে গাঁওখনত ৰাজ্যিক বিদ্যুৎ যোগান নিগমৰ নতুন ট্ৰেন্সফৰ্মাৰ স্থাপনৰ কাম আৰম্ভ হৈছে। ইয়াৰ বিৰুদ্ধে আপত্তি জনাই সোমবাৰে তাপ বিদ্যুৎ কেন্দ্ৰৰ ১ আৰু ২ নং গেট অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে গাঁওবাসীয়ে। তাপ বিদ্যুৎ কেন্দ্ৰৰ শ্ৰমিকক ভিতৰলৈ যাবলৈ নিদিয়াৰ অভিযোগো উত্থাপন হৈছে। দাবী কৰা হৈছে যে শ্ৰমিক-অভিযন্তাসকলে ভিতৰলৈ সোমাব নোৱাৰাৰ বাবে বিদ্যুৎ সেৱাও ব্যাহত হৈছে। প্ৰতিবাদ সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকলে সেই স্থানত উপস্থিত হয়।
গাঁওবাসীৰ মতে, তাপ বিদ্যুৎ কেন্দ্ৰটোৰ হাই টেনচন লাইন স্থাপনৰ সময়ত চৰকাৰে গাঁওখনৰ বহু মাটি অধিগ্ৰহণ কৰিছিল। গাঁওখনৰ ওপৰেৰে কেইবাটাও হাই কাৰেণ্ট তাঁৰ পাৰ হৈ যায়। সেই সময়ত গাঁওবাসীয়ে তাপ শক্তি কেন্দ্ৰ কৰ্তৃপক্ষৰ সৈতে মৌখিক চুক্তি কৰিছিল যে তেওঁলোকক আজীৱন বিনামূলীয়া বিদ্যুৎ সেৱা প্ৰদান কৰা হ’ব। ফাৰক্কা তাপ বিদ্যুৎ কেন্দ্ৰটোৱে অঞ্চলটোত বিশুদ্ধ খোৱাপানী আৰু শিক্ষা কেন্দ্ৰৰ প্ৰতিশ্ৰুতিও দিয়ে। অভিযোগ অনুসৰি এতিয়া চৰকাৰে চুক্তি ভংগ কৰি বিনামূলীয়া বিদ্যুৎ সেৱা বন্ধ কৰিব বিচাৰিছে। সেইবাবেই গাঁওখনত নতুন নতুন ট্ৰেন্সফৰ্মাৰ স্থাপন কৰা হৈছে। প্ৰতিবাদকাৰী ৰেহেনা খাতুনে কয়, “ফৰাক্কা থাৰ্মেল পাৱাৰ ষ্টেচন হোৱাৰ বাবে গাঁওখনে বহুত ক্ষতিগ্ৰস্ত হৈছে।আজীৱন বিনামূলীয়া বিদ্যুৎ, বিদ্যালয়, খোৱাপানীৰ ব্যৱস্থা কৰা হ’ব – এই প্ৰতিশ্ৰুতিৰ ওপৰতে স্থানীয় ৰাইজে মাটি দিলে। আমি ইমানখিনি ত্যাগ কৰিছো, এতিয়া চৰকাৰে যদি প্ৰতিশ্ৰুতি ভংগ কৰে, আমি গ্ৰহণ নকৰো।”
আনহাতে, ফাৰাক্কা তাপ বিদ্যুৎ কেন্দ্ৰই গাঁওবাসীৰ দাবীসমূহ বিবেচনা কৰাৰ আশ্বাস দিয়ে। কৰ্তৃপক্ষৰ হৈ ৰাজদ্বীপ সিঙে কয়- বিষয়টো আলোচনাৰ পৰ্যায়ত আছে। গাঁওবাসীৰ দাবীৰ ওপৰত চকু ৰখা হ’ব।