৪৬ ফুট দৈৰ্ঘ্য, প্ৰায় ২২ ফুট উচ্চতা, ১৯ ফুট প্ৰস্থ। প্ৰতিটো চকাৰ বাবে পৃথক ইঞ্জিন। এয়া কোনো অট্টালিকাৰ আকাৰ নহয় ৷ বৰঞ্চ এখন বিলাসী গাড়ীৰহে আকাৰ ৷ গাড়ীখনৰ নাম ‘হামাৰ’।
ডুবাইৰ ৰাজপথত এই ‘হামাৰ’ গাড়ীখন দেখি সকলো স্তম্ভিত হৈ পৰে ৷ আনকি গাড়ীখন দেখি ট্ৰেফিক বিষয়াসকলো স্তম্ভিত হৈ পৰে। বহুতে মৰমেৰে ইয়াক ‘হামজিলা’ বুলি অভিহিত কৰে ৷জানিব পৰা মতে গাড়ীখনৰ মালিকৰ নাম শ্বেখ হামাদ বিল হামদান আল নাহিয়ান। তেওঁ সংযুক্ত আৰব আমিৰশ্বাহীৰ শাসকীয় ৰাজপৰিয়ালৰ সদস্য।
সাধাৰণতে এই ব্ৰেণ্ডৰ গাড়ীৰ দৈৰ্ঘ্য ১৫.৩৭ ফুট, উচ্চতা ৬.৪২ ফুট আৰু প্ৰস্থ ৭.২ ফুট। গাড়ী নিৰ্মাতা কোম্পানীটোৱে কেৱল ‘স্প’ৰ্টছ ইউটিলিটি ভেহিকেল’ (এছ ইউ ভি) উৎপাদনৰ বাবে পৰিচিত।অৱশ্যে ডুবাইৰ ৰাজপথত দেখা গাড়ীখনৰ দৈর্ঘ্য ৪৬ ফুট, উচ্চতা ২১.৬ ফুট আৰু বহল ১৯ ফুট। গাড়ীখনৰ চাৰিটা চকাৰ প্ৰতিটো চকাৰ বাবে পৃথক পৃথক ইঞ্জিন আছে। অৰ্থাৎ বাস্তৱ অৰ্থত ‘ফোৰ হুইলাৰ’।
ডাবল ডেকাৰ গাড়ীখন ৰাস্তাত চলিছে ডিজেলেৰে। অৱশ্যে মাইলেজৰ বিষয়ে জানিব পৰা হোৱা নাই। ২ হাজাৰ বিলিয়ন ডলাৰৰ সম্পত্তিৰ স্বত্বাধিকাৰী শ্বেখ হামাদে এই গাড়ীখন বিশেষভাৱে নিৰ্মাণ কৰা বুলি জনা যায়। ‘চাউথ চাইনা মৰ্নিং পোষ্ট’ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি এই গাড়ীখনৰ ভিতৰত ডাবল ডেকাৰ চিষ্টেম আছে। শোৱা কোঠা, শৌচাগাৰ, ষ্টিয়াৰিং কেবিন সকলো উপলব্ধ ৷