যোৱা ২৮ জুলাইত মুক্তি পালে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’। যদিও ছবিখনৰ প্ৰিমিয়াৰ তাৰ দুদিন আগতে অনুষ্ঠিত হৈছিল । অৱশ্যে তাত দেখা পোৱা নগ’ল দীপিকা পাডুকনক। ৰণবীৰৰ ছবি আৰু দীপিকা অনুপস্থিত ৷ইয়াক লৈ আলোচনা আৰম্ভ হোৱাৰ সময়তে দম্পতীহালে ছবিখন উপভোগ কৰিবলৈ ওলাই অহা দেখা যায় ৷ শনিবাৰে নিশা পত্নীৰ সৈতে চিনেমা চাবলৈ গৈছিল ৰণবীৰ সিং। কিন্তু ছবিখন উপভোগৰ পূর্বেই ধেমেলীয়া মন্তব্য কৰে ৰণবীৰ সিঙে ৷
পত্নীৰ সৈতে চিনেমা চাবলৈ যোৱাৰ পূৰ্বে তেওঁ ইনষ্টাগ্ৰামত এখন ছবি পোষ্ট কৰি অনুৰাগীসকলক সুধিছিল, “অনুমান কৰক চিনেমাখন চোৱাৰ পিছত দীপিকাৰ প্ৰতিক্ৰিয়া কি হ’ব?” অনুৰাগীয়ে ইটোৰ পিছত সিটোকৈ মন্তব্য কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁ কয় – মোক জোতা মাৰিব । কিন্তু ৰণবীৰে ভবাৰ দৰে কোনো প্ৰতিক্ৰিয়া নাহিল ৷ ছবিখনৰ শেষত দীপিকাই অতি স্বাভাৱিকভাৱে হাঁহি এটা মাৰি উত্তৰ দিয়ে, “পৰ্দাত জুই লগাই দিছে । “