কৰ্ণাটকৰ এজন বিজেপি বিধায়কে কংগ্ৰেছৰ সভাপতি তথা প্ৰবীণ দলিত নেতা মল্লিকাৰ্জুন খার্গেৰ বিৰুদ্ধে বৰ্ণবাদী মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, সেই ৰাজ্যৰ প্ৰাক্তন গৃহমন্ত্ৰী তথা প্ৰভাৱশালী নেতা আৰগা জানেন্দ্ৰই অলপতে কংগ্ৰেছৰ সভাপতিক উদ্দ্যেশি কৈছিল, “ৰ’দৰ তীব্ৰ উত্তাপৰ বাবে বিদাৰ অঞ্চলৰ জনসাধাৰণ ক’লা হৈ পৰে। যেন জ্বলি ছাঁই গৈছে। মল্লিকাৰ্জুন খার্গেৰ ফালে চকু ফুৰালে আমি তেওঁলোকৰ দুৰ্দশা ভালদৰে অনুভৱ কৰিব পাৰিম।”
কৰ্ণাটকৰ বনাঞ্চল আৰু পৰিৱেশ সম্পৰ্কীয় প্ৰতিবেদন সন্দৰ্ভত ৰাজ্যখনৰ বনমন্ত্ৰী ঈশ্বৰ খন্দৰে কৰা মন্তব্যৰ বাবেই জানেন্দ্ৰৰ ক্ষোভৰ সৃষ্টি হয়। প্ৰসংগক্ৰমে খার্গেৰ দৰে খান্দৰো বিদাৰ অঞ্চলৰ কংগ্ৰেছ নেতা। খার্গে এসময়ত কৰ্ণাটকৰ বনমন্ত্ৰী আছিল। তেওঁৰ সমষ্টিৰ শ্বিমোগাত অনুষ্ঠিত এখন সভাত জানেন্দ্ৰই কয়, “যেনেকৈ দেখা গৈছে, আমাৰ ৰাজ্যৰ বনমন্ত্ৰীসকল এনে অঞ্চলৰ পৰা আহে য’ত বনাঞ্চলৰ অস্তিত্ব নাই।”
জানেন্দ্ৰৰ মন্তব্যৰ প্ৰতিবাদত বুধবাৰে শিমোগাকে ধৰি একাংশ থানাত কংগ্ৰেছে অভিযোগ দাখিল কৰিছে। কংগ্ৰেছ নেতা এছ শিৱলিংগাপ্পাই বিজেপি বিধায়কগৰাকীৰ মন্তব্য ‘দলিত বিৰোধী’ বুলি অভিযোগ উত্থাপন কৰে। প্ৰসংগক্ৰমে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত যোৱা এপ্ৰিল মাহত কালবুৰ্গীত অনুষ্ঠিত এক সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিষাক্ত সাপৰ সৈতে তুলনা কৰা হৈছিল। সেই মন্তব্যৰ বাবে তেওঁ খৰধৰকৈ ক্ষমা বিচাৰিছিল খার্গেই। সেই সময়তো কৰ্ণাটকৰ কেইবাজনো বিজেপি মন্ত্ৰী-বিধায়কে কংগ্ৰেছৰ দলিত নেতা গৰাকীক ব্যক্তিগত আক্ৰমণ চলাইছিল।