ডেৰ বছৰ পূৰ্বে তেওঁ পশ্চিম এছিয়াৰ সৰ্ববৃহৎ উগ্ৰপন্থী সংগঠন ‘ইছলামিক ষ্টেট’ (আই এছ)ৰ সৰ্বোচ্চ নেতাৰ ভূমিকা গ্ৰহণ কৰা আবু আল হুছেইন আল হাশ্বেমি আল কুৰেছিৰ মৃত্যু হৈছে । বৃহস্পতিবাৰে আই এছৰ মুৰব্বী আবু আল হুছেইন আল হাশ্বেমি আল কুৰেছিৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছে তেওঁৰ সংগঠনে। অৱশ্যে আইছিছে কয় যে উত্তৰ-পশ্চিম ছিৰিয়াৰ ইডলিব প্ৰদেশত প্ৰতিদ্বন্দ্বী জেহাদী গোট হায়াত তাহৰিৰ আল শ্বামৰ আক্ৰমণত হুছেইন নিহত হৈছে ৷ আমেৰিকা বা ইয়াৰ কোনো পশ্চিমীয়া মিত্ৰশক্তিৰ বিমান আক্ৰমণত তেওঁৰ মৃত্যু হোৱা নাই । এম আই টি সমৰ্থিত তুৰ্কী চোৰাংচোৱা সংস্থা হায়াটে পূৰ্বেও আই এছৰ বিৰুদ্ধে কেইবাটাও অভিযান চলাই আহিছে।
আই এছৰ মুখপাত্ৰ আবু উমৰ মুহাজিদেও বৃহস্পতিবাৰে এক বিবৃতিত আবু হাফছ আল হাছিমি আল কুৰেছিৰ নাম সংগঠনটোৰ নতুন মুৰব্বী হিচাপে ঘোষণা কৰে। প্ৰসংগক্ৰমে যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত ছিৰিয়াত আমেৰিকান সেনাৰ অভিযানত আই এছৰ তেতিয়াৰ মুৰব্বী আই এছৰ মুৰব্বী আবু ইব্ৰাহিম আল হাচেমী আল কুৰেছি আৰু আই এছৰ মুখপাত্ৰ আবু হামজা আল কুৰেছি নিহত হৈছিল। কিন্তু তেতিয়া ইছলামিক উগ্ৰপন্থী সংগঠনটোৱে নিজৰ সৰ্বোচ্চ নেতাৰ মৃত্যুক লৈ মুখ মেলিব নোৱাৰিলে। ইয়াৰ প্ৰায় এমাহ পিছত আই এছে এক বিবৃতিত তেওঁলোকৰ সংগঠনৰ নতুন নেতা হিচাপে আবু হুছেইনৰ নাম ঘোষণা কৰে।
প্ৰসংগক্ৰমে ২০১৯ চনত সেই ঘটনাৰ পূৰ্বে আই এছৰ প্ৰতিষ্ঠাপক আৰু তেওঁলোকৰ সৰ্বোচ্চ নেতা আবু বকৰ আল বাগদাদীক পেন্টাগনৰ অনুৰূপ অভিযানত নিহত হৈছিল। তেতিয়াৰ পৰাই দলটোৰ দায়িত্বত আছিল ৪৫ বছৰীয়া শিক্ষাবিদ আবু ইব্ৰাহিম। এটা সময়ত তেওঁ ইৰাকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনৰ সেনাবাহিনীৰ সদস্য আছিল। আবু ইব্ৰাহিমৰ “সোঁহাত” স্বৰূপ হিচাপে পৰিচিত আবু হুছেইনে উত্তৰ-পূব ছিৰিয়াৰ হাছাকা চহৰৰ কাৰাগাৰত আক্ৰমণকে ধৰি ধাৰাবাহিকভাৱে বিধ্বংসী অভিযানত অংশগ্ৰহণ কৰিছিল বুলি অভিযোগ উঠিছে।