ঋতু পৰ্ণ শৰ্মা,নগাঁও,৫আগষ্ট:– ৰাজ্যজুৰি শনিবাৰে পালন কৰা হয় ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৭৩ সংখ্যক মৃত্যু দিৱস । অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ মৃত্যু তিথিত ৰাজ্য চৰকাৰে প্ৰতিবছৰে লোককল্যাণ দিৱস হিচাপে পালন কৰি আহিছে । সেই উদ্দেশ্যে শনিবাৰে নগাঁৱতো পালন কৰা হয় লোককল্যাণ দিৱস ।
নগাঁৱৰ জিলা আয়ুক্তৰ সভাকক্ষত আয়োজিত লোককল্যাণ দিৱসত উপস্থিত থাকে মন্ত্ৰী পৰিমল শুক্লবৈদ্য । অনুষ্ঠানত পৰিবহণ, মীন পালন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই লোকপ্ৰিয় গোপীনাথ বৰদলৈ শিক্ষা জীৱনৰ পৰা ৰাজনৈতিক জীৱনকালক সোঁৱৰণ কৰি মহান ব্যক্তিজনৰ কৰ্মৰাজিৰে সকলো কৰ্মচাৰীকে উদ্বুদ্ধ হ’বলৈ আহ্বান জনায় । উক্ত অনুষ্ঠানতেই জিলা আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক দ্বিবন জ্যোতি বৰুৱা আৰু জাৰিকাৰক নিৰোদ চন্দ্ৰ ডেকাক প্ৰদান কৰা হয় লোকসেৱা পুৰস্কাৰ । লোকসেৱা পুৰস্কাৰ লাভ কৰা দুয়োগৰাকী কৰ্মচাৰীকে সম্বৰ্ধনা জ্ঞাপন কৰি অনাগত দিনত অধিক নিষ্ঠাৰে কৰ্ম জীৱন আগবঢ়ায়ই নিবলৈ উপদেশ দিয়ে মন্ত্ৰী শুক্লবৈদ্যই । অনুষ্ঠানৰ আৰম্ভণিতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছত আদৰণি ভাষণ ৰাখে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ।