ভাৰতৰ ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ ছবিখনে শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবিৰ অস্কাৰ লাভ কৰে। যোৱা মাৰ্চ মাহত তথ্যচিত্ৰ পৰিচালক কাৰ্তিকী গনছালভেছ আৰু প্ৰযোজক গুনীত মংগাই মঞ্চত অস্কাৰ গ্ৰহণ কৰিছিল। কাৰ্তিকেও অস্কাৰ লৈ ঘৰলৈ উভতি অহাৰ পিছত ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ৰ মাউত দম্পতী বোমান আৰু বেল্লীৰ হাতত এই সোণালী স্মাৰক অৰ্পণ কৰে। অস্কাৰ বিজয়ী তথ্যচিত্ৰখনৰ পৰিচালকে ছ’চিয়েল মিডিয়াত অস্কাৰ ধৰি হাঁহি থকা মাউত দম্পতীৰ ফটোও পোষ্ট কৰে। অৱশ্যে স্মাৰক লৈ ছ’চিয়েল মিডিয়াৰ বাবে ফটো তুলিলেই তেওঁলোকৰ পেট ভৰিব নেকি ? অস্কাৰ বঁটা লাভ কৰাৰ পাঁচ মাহ পাৰ হৈ গ’ল যদিও এতিয়াও তেওঁলোকে উচিত পাৰিতোষিক লাভ কৰা নাই ৷ শেহতীয়াকৈ ‘দ্য হিন্দু’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বোমান আৰু বেল্লীয়ে তথ্যচিত্ৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে।
বোমান আৰু বেল্লী তামিলনাডুৰ মুডুমালাই অঞ্চলৰ বাসিন্দা। তেওঁলোকে এটা হাতী অনিবাৰ্য মৃত্যুৰ পৰা ৰক্ষা কৰিলে। ৰঘুক কেৱল নতুন জীৱন দিয়াই নহয় বমন আৰু বাইলীয়ে ডাঙৰ-দীঘল কৰিছিল। ৰঘুৰ পিছত তেওঁলোকৰ সংসাৰলৈ আহে আন এটা হাতী ৷ বোমন আৰু বেল্লীয়ে হাতী পালনৰ ক্ষেত্ৰত কোনোদিনে ত্ৰুটি ৰখা নাই। কিন্তু নিজৰ জীৱন-যাপনৰ সামান্য খৰচ পূৰণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে দম্পতীহালে। তাৰ ওপৰত তেওঁলোকৰ জীৱনৰ তথ্যচিত্ৰখনে অস্কাৰ লাভ কৰাৰ পিছতো এতিয়াও তেওঁলোকক ন্যায্য পাৰিতোষিক পোৱা নাই। শেহতীয়াকৈ এক সাক্ষাৎকাৰত ক্ষুব্ধ বোমান আৰু বেল্লীয়ে কয় যে অস্কাৰ লাভ কৰাৰ পাঁচ মাহ পাৰ হোৱাৰ পাছতো নির্মাতাসকলে এতিয়াও তেওঁলোকৰ পাৰিশ্ৰমিক আদায় দিয়া নাই। কেৱল সেয়াই নহয়, বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো নিৰ্মাতাসকলে তেওঁলোকৰ প্ৰতি কোনো গুৰুত্ব নিদিলে।